/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/6c0ea0d1-fc10-4860-abbf-75078af510f9/TMPK_9.jpg)
তিনি জনগোষ্ঠীক সাংবিধানিক মৰ্যাদাৰ বাবে কেন্দ্ৰলৈ প্ৰস্তাৱ পঠিওৱা কাৰ্যক আদৰণি TMPK ৰ...
ডিজিটেল সংবাদ জানুৱাৰীঃ ২০২৪ চনৰ প্ৰথমখন কেবিনেটত ৰাজ্যৰ তিনি জনগোষ্ঠীৰ ক্ৰমে মিচিং, ৰাভা হাচং আৰু তিৱা স্বায়ত্ত্বশাসিত পৰিষদসমূহক সাংবিধানিক মৰ্যাদাৰ প্ৰদান আৰু কেন্দ্ৰীয় গৃহ বিভাগলৈ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্তক আদৰণি জনাইছে মিচিং সাহিত্য সভা (মিচিং আগম কেবাং) আৰু টাকাম মিছিং পৰিং কেবাঙৰ (টি এম পি কে) ধেমাজি জিলা সমিতিয়ে ৷
মিচিং আগম কেবাঙৰ সাধাৰণ সম্পাদক সোমেশ্বৰ কপ্তাকে সোমবাৰে এই বাৰ্তাযোগে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেবিনেট মন্ত্ৰীবৰ্গ আৰু শিক্ষা ও ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ডাঃ ৰণোজ পেগুক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ আধাৰত মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিবলৈ আহ্বান জনায় ৷
Also Read: মৰিগাঁৱত মৌ মাখিৰ আক্ৰমণত ব্যৱসায়ী নিহত...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us