/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/97e9823a-851e-4938-80a7-9895ae8d22bd/Dhmji.jpg)
ডিজিটেল সংবাদ, ধেমাজি : অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰু ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনী, জোনাই প্রাথমিক শিক্ষক সন্মিলনী, নিখিল বড়ো প্রাথমিক শিক্ষক সন্থা, সদৌ অসম প্রাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ আৰু সদৌ অসম ষ্টেটপুল শিক্ষক সন্থাৰ সহযোগত প্রাথমিক বিদ্যালয় সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ লগতে শিক্ষানুষ্ঠানৰ সমস্যাৰ স্থায়ী সমাধানৰ লগতে ধেমাজি জিলা প্রাথমিক শিক্ষক সন্মিলনীয়ে চলাই নিয়া সংগ্ৰামখনৰ পৰৱৰ্তী ৰূপৰেখা প্ৰস্তুতৰ বাবে শনিবাৰে ধেমাজি বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এটি মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d7fec6d1-a1d8-4e39-8546-1dfc806316d9/26cb0e68_9b4b_4633_95d1_e243a9dc86b6.jpg)
ধেমাজি জিলা প্রাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ধীৰেন গগৈৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অন্তৰংগ আলাপৰ আঁত ধৰি ধেমাজি জিলা প্রাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক দিপাংকৰ শৰ্মাই কয় যে, দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পাছতো ৰাজ্যখনৰ এখনো প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ পদ নাই। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ১৯৮২ চনৰ পৰা শিক্ষানুষ্ঠান গতিশীল কৰাৰ স্বাৰ্থত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে ধাৰাবাহিক ভাবে সংগ্ৰাম কৰি আহিছে। সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ সৈতে আলাপ আলোচনাও আগবঢ়াই নিয়া হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/0058b6d9-d0f1-45db-971a-1fc1e9c4d6fc/19dded09_3ea8_46c3_be97_7929d14588c3.jpg)
এনে পৰিক্ৰমাৰ ফলতেই প্রাথমিক শিক্ষকৰ একতাক স্বীকৃতি দি ৰাজ্যৰ শিক্ষা বিভাগে ২০২০ চনৰ ১৭ ডিচেম্বৰত সঞ্চালকলৈ প্ৰেৰণ কৰা এক পত্ৰ যোগে প্রধান শিক্ষকৰ পদ সৃষ্টিৰ সমস্যাটো সমাধানৰ বাট প্রশস্ত কৰিছিল। কিন্তু বিগত তিনিবছৰে বিত্ত বিভাগৰ অনুমোদনহীনতাৰ দোহাই দি বিভাগৰ সিদ্ধান্ত কার্যকৰী নকৰিলে। শেহতীয়াভাৱে সন্মিলনীৰ লগতে নিখিল বড়ো প্রাথমিক শিক্ষক সন্থা, সদৌ অসম টেট উত্তীর্ণ শিক্ষক সমাজ আৰু সদৌ অসম ষ্টেটপুল শিক্ষক সন্থাৰ ত্ৰিশজনীয়া প্রতিনিধি দল এটাৰ সন্মুখত বিগত বৰ্ষৰ ২১ ডিচেম্বৰত শিক্ষামন্ত্রীয়ে নিজৰ তত্ত্বাৱধানত বিত্ত বিভাগৰ অনুমোদন গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু বিগত চাৰিমাহে কোনো যোগাত্মক পদক্ষেপ গ্রহণ নকৰিলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c12ed3be-2d99-46ce-a82c-e0ba7b842496/6c37acd1_c248_43e1_a5f0_5f2776cb20ae.jpg)
ইয়াৰ বিপৰীতে পদ বিহীন পদত সেৱা আগবঢ়াই থকা শিক্ষকসকলৰ ওপৰত প্ৰতিদিনে নতুন নতুন কামৰ বোজা জাপিহে থাকিল। ইয়াৰ প্ৰতিবাদত প্রধান শিক্ষকৰ পদ সৃষ্টি নোহোৱা পৰ্যন্ত ৰাজ্যৰ প্ৰাথমিক শিক্ষকে শিক্ষাসেঁতুত সহযোগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই সংগ্রাম অব্যাহত আছে। ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলে শিক্ষানুষ্ঠানৰ স্বাৰ্থত চলাই অহা এই সংগ্রামখন দাবী পূৰণ নোহোৱালৈকে চলাই নিয়া হ'ব বুলি হুংকাৰ দিয়ে জিলা সন্মিলনীৰ সম্পাদক দিপাংকৰ শৰ্মাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e45b0cb8-328f-4463-878e-8e4a4f399f88/fca42dbc_7b10_42a2_96c6_1af08cefc48b.jpg)
অনুষ্ঠানত ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক বৰগোহাঁই, ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈ, ধেমাজি জিলা প্রাথমিক শিক্ষক সন্মিলনীৰ মুখ্য উপদেষ্টা উমেশ পাদুন, ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দিপক শৰ্মা, সদৌ ধেমাজি জিলা বড়ো ছাত্ৰ সন্থাৰ সভাপতি টেনজিং বড়ো, ধেমাজি জিলা সাংবাদিক সংস্হাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ, সাধাৰণ সম্পাক জীৱন কোঁৱৰ, ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, সম্পাদক জিতু শইকীয়া আদি উপস্থিত থাকি ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উল্লেখিত দাবী সমূহৰ প্ৰতি পুৰ্ণ সমৰ্থনৰ কথা দোহাৰে ৷
সভাত ধেমাজি জিলা সন্মিলনীৰ অন্তৰ্গত ধেমাজি, বৰদলনি, চিচিবৰগাঁও, পশ্চিম ধেমাজি, মাছখোৱাৰ ৫ টা মাণ্ডলীকৰ লগতে জোনাই মহকুমাৰ সন্মিলনীৰ অন্তৰ্গত প্ৰতিখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান সকলে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ উল্লেখ্য আজিৰ দিনটোত ৰাজ্যৰ কেইবাটাও প্ৰান্তত একে দাবীৰে মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।
Also Read: প্ৰাথমিক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত গণ স্বাক্ষৰ অভিযান...