/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/97104761-5e69-4957-b785-bc49c692b711/Dhemaji_Satra.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ভাৰতীয় জনতা যুৱ-মৰ্চা, ধেমাজি গ্ৰাম্য মণ্ডলৰ উদ্যোগত আৰু বিষ্ণুপুৰ কলিতা গাঁৱৰ কৃষ্টি বিকাশ সংঘৰ সৌজন্যত বিষ্ণুপুৰ কলিতা গাওঁ ৰঙ্গমঞ্চত অনুষ্ঠিত হোৱা এমহীয়া সত্ৰীয়া নৃত্য আৰু বৰগীত কৰ্মশালাৰ দেওবাৰে সফল সামৰণি পৰে ৷ অন্তিম দিনা কণমাণিসকলে প্ৰদৰ্শন কৰে গুৰুজনাৰ বিভিন্ন সৃষ্টিৰাজি ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c92eb1d9-585b-49c0-be09-118d65e37a03/f74fc3ad_771a_42f4_802d_acb3b5f45021.jpg)
উত্তৰ ধেমাজি আৰু বিষ্ণুপুৰ অঞ্চলৰ শতাধিক কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত প্ৰশিক্ষক হিচাবে উপস্থিত থাকে গোগামুখৰ ক্ষীৰোদ বৰা, বৰদলনিৰ মনোজ দত্ত আৰু মাজুলীৰ কিৰণ বৰাই ৷ উল্লেখ্য যে, মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিৰ বৰগীত আৰু সত্ৰীয়া নৃত্যৰে উপস্থিতসকলোকে আপ্লুত কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/dc776d14-fbc0-4dee-9ffd-600997ae4fa2/f3f31b1e_8de8_4412_9b0c_dca62234da51.jpg)
ইপিনে ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক দিশত আগুৱাই নিয়াৰ বাবে ভাৰতীয় জনতা যুৱ মৰ্চাৰ জিলা সমিতিয়ে ধেমাজিৰ ১২টা গ্ৰাম্য মণ্ডলত মাহযোৰা কাৰ্যসূচীৰে সত্ৰীয়া নৃত্য, বৰগীত আৰু বিনামূলীয়াকৈ গ্ৰীষ্মকালীন পাঠদান কৰ্মশালা অনুষ্ঠিত কৰে ৷
Also Read: "শঙ্কৰদেৱৰ ওপৰত ৪ভাষাত নিৰ্মাণ হ'ব তথ্যচিত্ৰ"-অসম সত্ৰ মহাসভা