"শঙ্কৰদেৱৰ ওপৰত ৪ভাষাত নিৰ্মাণ হ'ব তথ্যচিত্ৰ"-অসম সত্ৰ মহাসভা

"শঙ্কৰদেৱৰ ওপৰত ৪ভাষাত নিৰ্মাণ হ'ব তথ্যচিত্ৰ"-অসম সত্ৰ মহাসভা

ডিজিটেল সংবাদ, ধুবুৰীঃ ১০৮ বছৰ ঐতিহ্যমণ্ডিত অসমৰ সত্ৰসমূহৰ বৃহৎ সত্ৰ অনুষ্ঠান অসম সত্ৰ মহাসভাৰ কাৰ্যনিৰ্বাহক সভা ৩০ জুলাই তাৰিখে কোচবিহাৰৰ মধুপুৰ সত্ৰত অনুষ্ঠিত হয়। মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই। সভাত গ্ৰহণ কৰা সিদ্ধান্তসমূহ প্ৰকাশ কৰি মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা মতে, ৩০ জুলাইৰ কাৰ্যনিৰ্বাহক সভাই জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনৰ আধাৰত অসমীয়া, বঙালী, ইংৰাজী আৰু হিন্দী এই চাৰিটা ভাষাত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, এই তথ্যচিত্ৰখন অসম সত্ৰ মহাসভাৰ কলকাতা শাখাৰ সুজিৎ বৰ্মনে প্ৰযোজনা কৰাৰ লগতে তথ্যচিত্ৰখনৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা সকলো ব্যৱস্থা গ্ৰহণ কৰিব। সভাই গ্ৰহণ কৰা আন এটা প্ৰস্তাৱ মৰ্মে মহাসভাই অব্যাহতি দিয়া প্ৰান্তিক গোস্বামী আৰু হৰিদেৱ গোস্বামীয়ে বিভিন্ন সময়ত মহাসভাৰ বিৰুদ্ধে প্ৰকাশ কৰা অসামাজিক মন্তব্যৰ বাবে গৰিহণা জনোৱাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত প্ৰতিখন জিলা সমিতিয়ে নিজস্বভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। সভাত সত্ৰ মহাসভা অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধিসকল, উত্তৰবঙ্গৰ কেইবাখনো সত্ৰৰ লগতে কলকাতা সত্ৰ মহাসভাৰ প্ৰতিনিধি উপস্থিত থাকে।

"শঙ্কৰদেৱৰ ওপৰত ৪ভাষাত নিৰ্মাণ হ'ব তথ্যচিত্ৰ"-অসম সত্ৰ মহাসভা
থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটিৰ ৯ম বাৰ্ষিক সাধাৰণ সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in