/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ec21eb4c-b9c0-4ad7-9576-37215f084425/RAJPATH.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি নগৰৰ মাজমজিয়াত পথ নহয় যেন পুখুৰীহে৷ ধেমাজি নগৰৰ এক নং ৱাৰ্ডৰ পদ্ম গোহাঁই ৱৰুৱা পথচোৱা জৰাজীৰ্ণ হৈ এক বৃহৎ গাঁতৰ পৰা বৰ্তমান পুখুৰীৰ সদৃশ হৈ পৰিছে ৷ এই পথচোৱা মেৰামতি বাবে বাৰম্বাৰ দল, সংগঠন আৰু ৰাইজে দাবী জনাই অহা পিছতো আজি পৰ্যন্ত জিলা তথা গড়কাপ্তানি বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰিলে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/be46bcfd-7194-4745-b1c8-76634fe83273/7dc83056_c547_4b5b_aa8f_289e581c7a34.jpg)
ধেমাজি নগৰৰ মাজমজিয়াতে থকা এনে জৰাজীৰ্ণ পথচোৱা শীঘ্ৰেই নিৰ্মাণ কৰাৰ দাবীত শনিবাৰে পুৱা ১০ বজাৰ পুৱা ১১ বজাৰলৈকে এঘণ্টাৰো অধিক সময় ধৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা আৰু সদৰ আঞ্চলিকৰ কৰ্মীসকলৰ লগতে অঞ্চলটোৰ উপস্থিত ৰাইজে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে জাকৈ-খালৈ-জাল-জুলুকী লৈ জৰাজীৰ্ণ পথত মাছ ধৰিবলৈ ওলাই আহিল ধেমাজি নগৰৰ ৰাইজ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/212a906a-1b38-4ec4-9753-8e92703c6fdc/feec2b21_2813_47e1_a824_a472322945d5.jpg)
ধেমাজিৰ এক নং ৱাৰ্ডৰ এই পথেৰে বহুকেইখন শিক্ষানুষ্ঠানৰ লগতে ধেমাজি অসামৰিক চিকিৎস্যালয়লে দৈনিক শ-শ লোক অহা যোৱা কৰে ৷ এই পি এন জি বি (PNGB) এই পথৰে ধেমাজিৰ পৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা বিদ্যালয় লৈ বিকল্প পথ হিচাবে ৰোগী অহা যোৱাও কৰে ৷ তৎস্বত্বেও এনে এক গুৰুত্বপূৰ্ণ পথৰ জৰাজীৰ্ণ ৰূপে উদঙাই দিছে ৰাজ্যৰ পথ, উপ-পথ সমূহৰ দুৰৱস্থাৰ ছবি ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a3b7bd49-c2ca-4cc4-bae7-e38a917fc50b/1bb54ecc_eb6a_4cf3_9584_e3da9629e4cf.jpg)
Also Read: গেংষ্টাৰৰ অবৈধ ভূমিত নিৰ্মাণ কৰা অট্টালিকা দৰিদ্ৰ লোকলৈ আবন্টন উত্তৰ প্ৰদেশ চৰকাৰৰ