/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/95bbff10-3c03-473e-afe0-03e7765b4a20/majuli_music_fest_26.jpg)
মাজুলী মিউজিক ফেষ্টিভেলত উদ্ধাৰ বেগে বেগে দেশী, বিদেশী সুৰা...
ডিজিটেল সংবাদ ঢকুৱাখনাঃ সত্ৰীয়া বৈষ্ণৱ পীঠ মাজুলীৰ সুনাম গৰিমাত কালিমা সনা উৎসৱ মাজুলী মিউজিক ফেষ্টিভেল। যোৱা শুকুৰবাৰৰ পৰা তিনি দিনীয়াকৈ ঢকুৱাখনা মহকুমাৰ খেৰকটা আৰু ডাংধৰা নদীৰ অৱবাহিকাৰ দেউৰী গাঁওৰ আমবাৰী পথাৰত অনুষ্ঠিত হৈছে চতুৰ্থ সংখ্যক মাজুলী মিউজিক ফেষ্টিভেল ।
বলিউদী গায়ক কৈলাশ খেৰ, তুষাৰ যোশীকে প্ৰমুখ্য কৰি বহু সংখ্যক গায়কৰ সংগীতৰ মূৰ্ছনাত বিধৌত মাজুলী মিউজিক ফেষ্টিভেল প্ৰাঙ্গনত দেশী বিদেশী সুৰাৰ অগণন প্ৰয়োভৰ ঘটিছে। দেওবাৰৰ নিশা পৰ্যন্ত অব্যাহত থাকিব লগা এই মিউজিক ফেষ্টিভেল সুৰাৰ ফেষ্টিভেললৈ পতিত হোৱাৰ এক তথ্য সমৃদ্ধ বাতৰি "অসমীয়া প্ৰতিদিন ডিজিটেল"ত শনিবাৰে প্ৰথম প্ৰকাশ পাইছিল।
বিলাতী সুৰা বিক্ৰীৰ চৰকাৰী অনুজ্ঞাপত্ৰ লৈ চৰকাৰী নীতি নিৰ্দেশনাকে পদপিষ্ট কৰি দৰ্শক শ্ৰোতাৰ মাজত মাজনিশা পৰ্যন্ত বিলাতী সুৰাৰ বেহা চলাই কোৰোনাৰে ধন চপাই আহিছিল আয়োজক সমিতিয়ে । সমগ্ৰ ফেষ্টিভেলস্থলীৰ সৰ্বত্ৰতে বিদেশী সুৰাৰ বিজ্ঞাপন আৰু সুৰাৰ বন্যা বোৱাই একপ্ৰকাৰৰ সুৰ আৰু সুৰাৰ একাকীত্ব ঘটোৱা এই বিতৰ্কিত ফেষ্টিভেলৰ অন্ধকাৰ দিশটোৰ সন্দৰ্ভত বাতৰি প্ৰকাশৰ পাছতেই শনিবাৰে গা লৰিল আবকাৰী বিভাগৰ।
দ্বিতীয় দিনৰ সাংস্কৃতিক নিশা অনুষ্ঠিতৰ সময়ত কঠোৰ হ'বলৈ বাধ্য হ'ল আবকাৰী বিভাগ। ফেষ্টিভেলৰ দ্বিতীয় দিনৰ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হোৱাৰ সময়তে ফেষ্টিভেল প্ৰাঙ্গনত চলিল আবকাৰী বিভাগৰ বিশেষ অভিযান। ঢকুৱাখনা সদৰ আৰক্ষী, সোনাৰী চাপৰি আৰক্ষীৰ সহযোগিতাত ফেষ্টিভেল প্ৰাঙ্গনত ঢকুৱাখনা আবকাৰী বিভাগে চলোৱা বিশেষ অভিযানত বেগে বেগে সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/2a830949-e449-4202-a099-724ad6b8bd3d/875f7c3e_1422_47c6_b53a_9095a6c66431.jpg)
অভিযানকাৰী দলটোৱে সমগ্ৰ চৌহদৰ ভিতৰত চলোৱা আকস্মিক অভিযানৰ কালত প্ৰায় ১৫ লিটাৰ বিলাতী সুৰা, ৩৫ লিটাৰ চুলাই আৰু প্ৰায় ২৫০ লিটাৰ স্থানীয়ভাবে প্ৰস্তুত কৰা সুৰা জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰে স্থানীয়ভাৱে প্ৰস্তুত কৰা সুৰা সমূহ তাতেই বিনষ্ট কৰাৰ লগতে বিদেশী সুৰাৰ বটলসমূহ বিধিগত ভাবে জব্দ কৰি আনে।
তাৰোপৰি ঢকুৱাখনা আবকাৰী বিভাগৰ চক্ৰ পৰিদর্শক ভূপেন শইকীয়াৰ নেতৃত্বত লখিমপুৰ সদৰ চক্ৰৰ সহকাৰী পৰিদৰ্শক দুৰ্লভ নৰহ, দিলীপ কলিতাৰ সহযোগত চলোৱা অভিযান কালত শনিবাৰে নিশা ১০ বজাৰ লগে লগে ফেষ্টিভেল প্ৰাঙ্গনত অৱস্থিত বিলাতী সুৰাৰ বিপনি সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ কৰ্তৃপক্ষক বাধ্য কৰে। লগতে ভৱিষ্যতে আবকাৰী আইন উলংঘা কৰি নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত এই বিপনি বন্ধ নকৰিলে কঠোৰ আইন সংগত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ অন্তিম সকীয়নী প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6ce1dc77-f77a-4808-ab1d-a5c7077fac1e/3e0742f4_f1b0_44f5_aff7_dd70f3e9eb46.jpg)
উল্লেখ্য যে দেওবাৰে নিশা মিউজিক ফেষ্টিভেলত সংগীতৰ যাদুৰে দৰ্শকক সন্মোহিত কৰিব বলিউডৰ গায়ক চনা মহাপাত্ৰ আৰু বহু কেইবাগৰাকী গায়কে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/09393d6a-43df-4322-bea8-69454040e059/0dafa35e_3540_4690_9990_5916b5b31550.jpg)
Also Read: দুগৰাকী গৃহিণী আৰু এটা কাহিনী...