ধেমাজি বোমা বিস্ফোৰণত নিহতসকলৰ ন্য়ায় বিচাৰি প্ৰতিবাদ

ধেমাজি বোমা বিস্ফোৰণত নিহতসকলৰ ন্য়ায় বিচাৰি প্ৰতিবাদ

ডিজিটেল সংবাদ ,ধেমাজিঃ ২০০৪ চনৰ ১৫ আগষ্টৰ পেৰেড গ্ৰাউণ্ডত উগ্ৰপন্থী বিস্ফোৰণত নিহতসকলৰ ন্যায় বিচাৰি ধেমাজিত প্ৰতিবাদ। বোমা বিস্ফোৰণত জড়িত কেইবাজনো অভিযুক্তক ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰিছে।

দোষমুক্ত ঘোষণা কৰাৰ পিছত শুকুবাৰে ধেমাজিত অৱস্থান ধৰ্মঘটত বহিল নিহতৰ পৰিয়ালবৰ্গই ৷ দুপৰীয়া ১২ বজাৰ পৰা ধেমাজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত কৰা অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচীত নিহত পৰিয়ালবৰ্গই প্ৰকৃত ন্যায় নোপোৱাৰ ক্ষোভ প্ৰকাশ কৰে।

তদন্ত প্ৰক্ৰিয়াত নে আন কৰবাত থাকি যোৱা খোঁটৰ বাবে এই গোচৰত অভিযুক্তসকলে মুক্ত হ'বলৈ সুৰুঙা পালে তাৰ ওপৰত এক তদন্ত কৰিবলৈ চৰকাৰলৈ আহ্বান ভুক্তভোগীৰ পৰিয়ালবৰ্গৰ। সমান্তৰালকৈ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জড়িয়তে হ'লেও এইসকল পৰিয়ালক প্ৰকৃত ন্যায় দিবলৈ চৰকাৰক আহ্বান জনাইছে৷

ধেমাজি বোমা বিস্ফোৰণত নিহতসকলৰ ন্য়ায় বিচাৰি প্ৰতিবাদ
শিলসাকোত বস্ত্ৰহৰণ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in