পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত ধেমাজিত প্ৰতিবাদ...

কৰদাতা সকলৰ কৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত আগতীয়াকৈ জাননী দিয়া আৰু জনমতক আস্থাত লৈ নতুনকৈ কৰ নিৰ্দ্ধাৰণ কৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।

author-image
Asomiya Pratidin
New Update
পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত ধেমাজিত প্ৰতিবাদ...

ডিজিটেল সংবাদ, ধেমাজি: পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত শীঘ্ৰে বাতিল কৰাৰ দাবীত ধেমাজিত প্ৰতিবাদ। কৰদাতা সকলৰ কৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত আগতীয়াকৈ জাননী দিয়া আৰু জনমতক আস্থাত লৈ নতুনকৈ কৰ নিৰ্দ্ধাৰণ কৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।

Advertisment

প্ৰশিক্ষণ প্ৰাপ্ত আৰু অৰ্হতাসম্পন্ন কৰ্মী সকলক নিৰ্দ্ধাৰণৰ কামত যুক্ত কৰি বিজ্ঞানসন্মতভাৱে ক্ৰটীমুক্ত কৰ নিৰ্দ্ধাৰণ কৰা আৰু ক্ৰটীমুক্ত কৰৰ নতুন তালিকা প্ৰস্তুত নোহোৱালৈকে পুৰনি হাৰৰ কৰ বাহাল ৰখাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছ ধেমাজি জিলা সমিতি, ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাক্সবাদী ধেমাজি জিলা সমিতি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি ধেমাজি জিলা সমিতি আৰু ৰাইজৰ দলৰ ধেমাজি জিলা সমিতিৰ কৰ্মী আৰু বিষয়ববীয়া সকলৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচাত অংশগ্ৰহন কৰে।

হাতে হাতে, বেনাৰ ,পোষ্টাৰ প্লে'কাৰ্ড লৈ মঙ্গলবাৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ মূল গেটৰ সন্মুখত প্ৰায় ১৫ মিনিট সময় ধৰি বিক্ষোভ প্ৰদৰ্শন কৰে ৷ কাৰ্য্যসূচীৰ অন্তত ধেমাজি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

Also Read: ১৯০ বছৰীয়া হ’ল নগাঁও জিলা!

ASSAM GOVERNMENT