
ডিজিটেল সংবাদ, নগাঁও: ১৯০ বছৰীয়া হ’ল নগাঁও জিলা ৷ বৃটিছ আমোলতে ১৮৩৩ চনৰ আজিৰ দিনটোত স্থাপন হোৱা জিলাখন দেশৰ ভিতৰতে অন্যতম প্ৰাচীন জিলা। পোন প্ৰথম বাৰৰ বাবে জিলাখনত সোমবাৰে উদযাপন কৰা হয় নগাঁও জিলা দিৱস।
নগাঁও জিলা প্ৰশাসনে উদযাপন কৰিলে বিশেষ দিনটো। নগাঁও জিলাৰ আছে স্বকীয় ঐতিহ্য আৰু বহু ইতিহাস ৷ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসন কালত ৰাজবিষয়া মোমাই তামুলী বৰবৰুৱায়ে কলং আৰু কপিলী নদীৰ পাৰত নতুনকৈ গাঁও স্থাপন কৰি নিৰ্মাণ কৰা নগাঁও বৰ্তমান সময়ত ১৯০ বছৰীয়া হ'ল। ভাৰতৰ স্বাধীনতা আন্দোলন, কৃষক বিদ্ৰোহ আদিত নগঞাৰ ত্যাগ সোণালী আখৰেৰে ইতিহাসৰ পাতত জিলিকি আছে ৷ দেশ আৰু ৰাজ্যৰ ৰাজনীতি, সাহিত্য, ক্ৰীড়া, সংগীত, অভিনয় আদি সকলো ক্ষেত্ৰতে জিলিকি আছে নগঞাৰ নাম ৷
পুৱাই নগাঁও আৰক্ষী ছাউনীৰ পৰা নগাঁও জিলা দিৱস উপলক্ষে উলিওৱা হ’ল বৰ্ণিল এক সাংস্কৃতিক শোভাযাত্ৰা ৷ নগাঁৱৰ ইতিহাস, অতীত আৰু ভৱিষ্যতকলৈ অনুষ্ঠিত হ’ল সভা, কুইজ প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান ৷ নগাঁৱৰ ইতিহাসক সামৰি প্ৰশাসনে প্ৰস্তুত কৰিলে থিম চং আৰু এখন তথ্য চিত্ৰ ৷
সন্ধিয়ালৈ নগাঁৱৰ বহুকেইজন বিশিষ্ট ব্যক্তিক জনোৱা হয় সম্বৰ্ধনা। সম্বৰ্ধনা জনোৱা হয় বিশিষ্ট সাংবাদিক, সাহিত্যিক ,সাহিত্য অকাডেমি বঁটা প্ৰাপক মনোজ কুমাৰ গোস্বামীকো। নগাঁও জিলা দিৱস উপলক্ষে সমগ্ৰ জিলাতে সৃষ্টি হ’ল এক উদুলি-মুদুলি সুন্দৰ পৰিৱেশৰ ৷