/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/564fdf0a-3f51-4f16-b473-9bf292cbc8ba/fddffdf.jpg)
ডিজিটেল সংবাদ ,ধেমাজিঃ শুকুৰবাৰে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দীৰ্ঘদিনীয়া দাবী সমূহ সমাধাৰ দাবীত সৰ্বাত্মক অসহযোগ কাৰ্যসূচী ৰূপায়ন হয়। সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা ধেমাজি জিলা সমিতিয়ে ৰূপায়ন কৰা এই কাৰ্যসূচীত একাংশ কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে।
জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীক সুকীয়া দৰমহা গাঁঠনি প্ৰদান কৰা , জিলা আয়ুক্ত কাৰ্যালয়ত অধীক্ষক আৰু গাণনিকৰ পদ সৃষ্টি কৰা, মুখ্য সহায়কৰ পদ বৃদ্ধি কৰা , পৰ্য্যবেক্ষক সহায়কৰ পদোন্নতিত পাবলগীয়া উচ্চ হাৰত দৰমহা প্ৰদান কৰা আদি বিভিন্ন দাবী উত্থাপন কৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
জিলা আয়ুক্ত কাৰ্যালয় আৰু জিলাখনৰ ৰাজহচক্ৰ বিষয়া কাৰ্যালয়ৰ সমূহত কৰ্মচাৰী সকলে এই সৰ্বাত্মক অসহযোগ কাৰ্যসূচী পালন কৰে ৷ ইফালে কৰ্মচাৰী সকলৰ অ-সহযোগ কাৰ্যসূচীৰ বাবে জিলা আয়ুক্ত আৰু ৰাজহচক্ৰ বিষয়া কাৰ্যালয় সমূহত সম্পূৰ্ণৰূপে অচল হৈ পৰাত জনসাধাৰণৰ ব্যাপক সমস্যাৰ সৃষ্টি হৈছে ৷
Also Read: সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ ত্ৰিবাৰ্ষিক অধিবেশনৰ সফল সমাপ্তি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us