সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ ত্ৰিবাৰ্ষিক অধিবেশনৰ সফল সমাপ্তি

সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ ত্ৰিবাৰ্ষিক অধিবেশনৰ সফল সমাপ্তি

author-image
Asomiya Pratidin
New Update
সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ ত্ৰিবাৰ্ষিক অধিবেশনৰ সফল সমাপ্তি

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয় সংখ্যক কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিবেশনখনৰ শুকুৰবাৰে সফল সামৰণি পৰে । যোৱা ২৭ ডিচেম্বৰৰ পৰা কোকৰাঝাৰৰ ভূটীয়াপাৰাত অনুষ্ঠিত হোৱা অধিবেশনৰ আজি অন্তিমদিনা সাংস্কৃতিক শোভাযাত্ৰা আৰু অভিলেখসংখ্যক ৭০০০ নাচনিয়ে একেলগে কৃষ্টি প্ৰদৰ্শন কৰি নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে ।

Advertisment

অধিবেশনৰ সতে সংগতি ৰাখি এক মুকলি সভাও অনুষ্ঠিত হয় য'ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে । মুকলি সভাৰ পূৰ্বে ৭০০০ নাচনিয়ে একেলগে প্ৰদৰ্শন কৰা কাৰ্তিকা নৃত্য প্ৰত্যক্ষ কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস অভিভূত হৈ পৰে।

সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে তেওঁ জীৱনত তিনিটা নান্দনিক দৃশ্য দেখাৰ ভিতৰত আজি প্ৰদৰ্শিত হোৱা নাথ যোগীৰ কাৰ্তিকা নৃত্য অন্যতম । তেওঁ কয় প্ৰথম নান্দনিক দৃশ্য আছিল যোৰহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা ১৬০০০ ব্যাক্তিয়ে একেলগে কৰা খোলবাদনৰ দৃশ্য । দ্বিতীয় নান্দনিক দৃশ্য আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেলগে ১১০০০ বিহুৱতীৰ দ্বাৰা বিহুনৃত্য কৰা আৰু তৃতীয় নান্দনিক দৃশ্য হ'ল নাথ যোগী ছাত্ৰ সন্থাৰ দ্বাৰা ৭০০০ নাচনিৰ দ্বাৰা কাৰ্তিকা নৃত্য প্ৰদৰ্শন কৰা ।

নাথ যোগী ছাত্ৰ সন্থাই হেৰাই যাব ধৰা অসমীয়া কৃষ্টি, লোকসংস্কৃতিক ধৰি ৰখাৰ প্ৰয়াসক প্ৰশংসা কৰিছে ৰঞ্জিত কুমাৰ দাসে। তদুপৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নাথ যোগীৰ দাবী উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সতে আলোচনা কৰা হ'ব বুলি সদৰি কৰি কয় যে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো জাতি জনগোষ্ঠীৰ অভাৱ অভিযোগ , সমস্যা সমাধান কৰি আহিছে গতিকে নাথ যোগীৰ সমস্যাও সমাধান কৰিব।

ইপিনে আজি নিশা অনুষ্ঠিত হয় প্ৰতিনিধি সভা। প্ৰতিনিধি সভাত কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰ ভিতৰত নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণ আৰু উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ গঠন কৰাৰ দাবীত অহা ফেব্ৰুৱাৰী মাহত নতুন দিল্লীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

আজিৰ প্ৰতিনিধি সভাতে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন কৰা হয়। প্ৰতিনিধি সভাতে সৰ্বসন্মতিক্ৰমে অৰবিন্দ নাথক সভাপতি আৰু দীপক নাথক সাধাৰণ সম্পাদক হিচাপে ৫১ জনীয়া সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ নতুন সমিতি গঠন কৰা হয় ।

উল্লেখ্য যে মুকলি সভাৰ পূৰ্বে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ হয় । সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে টাই আহোম ছাত্ৰ সন্থাৰ উপসভাপতি মনোজ গগৈয়ে। শোভাযাত্ৰাত শিল্পী শ্যামন্তিকা শৰ্মা , গৌৰাংগ ৰাগ নাথ আৰু অভিনেতা ৰাগ ঐনিতমে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাত প্ৰায় দহ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি ভূটীয়াপাৰা খেলপথাৰৰ পৰা বালাজান তিনালী , চিআইটি হৈ বালাগাঁও হৈ পুনৰ ভূটীয়াপাৰা খেলপথাৰত সমবেত হয় ।

নিশা কেবা সহস্ৰাধিক লোকৰ উপস্থিতিত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয় য'ত কেবাগৰাকী প্ৰতিষ্ঠিত শিল্পীয়ে নিজৰ অনুষ্ঠান প্ৰদৰ্শিত কৰি সংস্কৃতিপ্ৰেমী ৰাইজক আপ্লুত কৰি তোলে । অধিবেশখন সফল কৰি তোলাৰ বাবে সকলোলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিধায়ক লৰেন্স ইছলাৰী আৰু সম্পাদক ধনঞ্জয় নাথে ।

Also Read: সূৰ্যোদয় নে সূৰ্যাস্ত হ'ল আজি...

kokrajhar