
ডিজিটেল সংবাদ ,ধেমাজিঃ গৰমৰ উত্তাপ যিমানেই বাঢ়িছে বিদ্যুতৰ লুকুা-ভাকুও সিমানেই বৃদ্ধি পাইছে ৷ ধেমাজিৰ বিদ্যুৎ বিভাগে নিয়মীয়া বিদ্যুৎ যোগানত চূড়ান্ত ব্যৰ্থ হোৱাত বুধবাৰে প্ৰতিবাদ সাব্যস্ত হয়। ধেমাজি জিলা ছাত্ৰ সন্থাৰ আহ্বানত ধেমাজি , মৰিঢল আৰু জীয়াঢল আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে।
বিদ্যুৎ বিভাগৰ কাম নাই , শক্তি মন্ত্ৰী গ'বেক, নন্দিতা গাৰ্লোচাৰ কাম নাই , বিদ্যুৎ বিভাগ হায় ,হায় ইত্যাদি শ্লো'গানেৰে প্ৰতিবাদ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিমূৰ্তি দাহ কৰে ছাত্ৰ সন্থাৰ কৰ্মীসকলে ৷