ধেমাজি প্ৰেছ ক্লাবত মিছিং জনগোষ্ঠীৰ ভোটাতৰা-শিক্ষাবিদ গোবিন্দ চন্দ্ৰ মেদকৰ স্মৃতিচাৰণ সভা

ধেমাজি প্ৰেছ ক্লাবত মিছিং জনগোষ্ঠীৰ ভোটাতৰা-শিক্ষাবিদ গোবিন্দ চন্দ্ৰ মেদকৰ স্মৃতিচাৰণ সভা

author-image
Asomiya Pratidin
New Update
ধেমাজি প্ৰেছ ক্লাবত মিছিং জনগোষ্ঠীৰ ভোটাতৰা-শিক্ষাবিদ গোবিন্দ চন্দ্ৰ মেদকৰ স্মৃতিচাৰণ সভা

ডিজিটেল সংবাদ, ধেমাজিঃ 'নীতি আৰু আদৰ্শৰ সন্মুখত কোনোধৰণৰ আপোচ নকৰা এগৰাকী স্বনামধন্য ব্যক্তি আছিল গোবিন্দ চন্দ্ৰ মেদক। ধেমাজিৰ সমাজ জীৱনৰ পৰা পোৱা বহু ভিন্ন অভিজ্ঞতাৰ পিচতো তেওঁ নিজ আদৰ্শত আপোচহীন হৈ আছিল। মেদকৰ সহজ-সৰল, বিনয়ীপুৰুষ তথা পোনপটীয়া আবেদনে ছাত্র-ছাত্রীসকলক সমৃদ্ধ কৰাৰ উপৰি বিদ্বৎ সমাজকো এক নতুন পথৰ সন্ধান দিছিল ৷'- ধেমাজিৰ প্রসিদ্ধ শিক্ষাবিদ, জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক প্রয়াত গোবিন্দ চন্দ্ৰ মেদকক স্মৰণ কৰি শুকুৰবাৰে এইদৰে কয় ধেমাজিৰ সাহিত্যিক পেন্সনা, শিক্ষাবিদ তথা ধেমাজিৰ সাংবাদিক জগতৰ পিতামহ স্বৰূপ উমেশ চেতিয়াই।

Advertisment

ধেমাজি প্ৰেছ ক্লাবত শুকুৰবাৰে অনুষ্ঠিত গোবিন্দ চন্দ্ৰ মেদকৰ স্মৃতিচাৰণ সভাত অংশগ্ৰহণ কৰি চেতিয়াই গোবিন্দ চন্দ্ৰ মেদকৰ ‘জীৱন দৰ্শন আৰু কৃতি' সন্দৰ্ভত আলোচনা কৰে। সভাত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী ড° বুধিন্দ্ৰ বৰুৱাই সাম্প্ৰতিক সময়ত প্ৰয়াত শিক্ষাবিদ তথা সাংবাদিক গোবিন্দ চন্দ্ৰ মেদকৰ অৱদান আৰু কৰ্মৰাজীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে ৷ ইপিনে সভাত ভাষণ প্ৰসংগত ধেমাজিৰ খণ্ড উন্নয়ন বিষয়া তথা কবি-সাহিত্যিক নবীন কামানে গোবিন্দ চন্দ্ৰ মেদকৰ স্মৃতিগ্ৰন্থৰ কাম চলি থকা বুলি জানিবলৈ দিয়ে। প্ৰসংগক্ৰমে কামানে বক্তব্যত জীয়াই থকা অৱস্থাতেই গোবিন্দ চন্দ্ৰ মেদকৰ এখনি আত্মজীৱনী মূলক গ্ৰন্থ পূৰ্ণাংগ পৰ্যায়ত প্ৰকাশ কৰি উলিয়াবলৈ যো-যোজা চলোৱাৰ সময়তেই হঠাতে তেখেতৰ মৃত্যুৰ খবৰে সকলোকে মৰ্মাহত কৰিছে বুলি গভীৰ শোক প্ৰকাশ কৰে৷

সভাৰ আৰম্ভণিতে ধেমাজিৰ প্রসিদ্ধ শিক্ষাবিদ, জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক বিনয়ী পুৰুষ প্রয়াত গোবিন্দ চন্দ্ৰ মেদকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ধেমাজি জিলা সাংবাদিক সংস্থাৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সাধাৰণ সম্পাদক উমেশ চেতিয়াই ৷ সভাত ধেমাজি জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি তথা গোবিন্দ চন্দ্ৰ মেদকৰ একালৰ সহযোগী তথা ধেমাজি জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি উমেশ খাণ্ডেলীয়াই কয় যে- লখিমপুৰ জিলা মেদক গাঁৱত জন্মগ্ৰহণ কৰা গোবিন্দ চন্দ্ৰ মেদকে ভাটি মেদক গাওঁ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৯৬০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত প্ৰৱেশিকা, লখিমপুৰ মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত স্নাতকোত্তৰ ডিগ্রী গ্ৰহণ কৰে ৷ লখিমপুৰ একাডেমীত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি উত্তৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অর্থনীতি বিভাগৰ প্ৰতিষ্ঠাপক তথা মুৰব্বী অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰাৰ অন্তত ১৯৭২ চনত ধেমাজি মহাবিদ্যালয়ত অর্থনীতি বিভাগৰ শিক্ষক হিচাপে যোগদান কৰি মুৰব্বী অধ্যাপক হিচাপে ২০০৪ চনত অৱসৰ গ্ৰহণ কৰে ।

মেদকে ১৯৬৭ চনত দি আসাম এক্সপ্ৰেছ কাকতৰ সংবাদদাতা আৰু পৰৱৰ্তী ১৯৮৯ পৰা ২০০৭ চনলৈকে দি নৰ্থ ইষ্ট টাইম্‌চ কাকতৰ ধেমাজিৰ সংবাদদাতা হিচাপে সেৱা আগবঢ়ায়। ধেমাজি জিলা সাংবাদিক সংস্থাৰ ১৯৯১-৯২ চনত প্ৰতিষ্ঠা হোৱা ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতিৰ পদত প্ৰায় ১৭ বছৰে কাৰ্য্যনিবাহ কৰা গোবিন্দ চন্দ্ৰ মেদকৰ সান্নিধ্যই ধেমাজি জিলা সাংবাদিকতাৰ গতিশীলতাৰ দিশে আগুৱাই নিয়া কথা স্বীকাৰ কৰি তেখেতৰ অৰিহনাই ধেমাজি জিলা সংবাদসেৱীসকলৰ বাবে সদাই এক মাইলৰ খুটি হৈ থাকিব বুলি তেওঁ উল্লেখ কৰে ৷ ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাৰ আঁত ধৰে জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক জীৱন কোঁৱৰে ৷

সভাত ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি তথা ধেমাজি জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি অশ্বিনী কুমাৰ দুৱৰা, ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগ, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° বনজিৎ ভট্ট, ধেমাজি জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি ধেমাজি ড° উমাকান্ত শৰ্মা, ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই, ধেমাজিৰ বিশিষ্ট সমাজকৰ্মী তথা কিৰণ প্ৰকাশনৰ স্বত্বাধিকাৰী নৱ কলিতা, ধেমাজি জাতীয় বিদ্যালয়ৰ অধ্যক্ষা দিব্য গগৈ, অৱসৰপ্ৰাপ্ত অধ্যাপক দিব্য চুতীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দেৱজিৎ দাস, জ্যেষ্ঠ সাংবাদিক বীৰেন কুমাৰ কোঁৱৰ, ধেমাজি প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক হৰেন্দ্ৰ নাথ শৰ্মা আদি উপস্থিত থাকে।

তদুপৰি বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী পিণ্টু দাস আৰু ধেমাজি মাৰোৱাৰী যুৱ মঞ্চৰ সভাপতি হিৰেশ আগৰৱালাই ধেমাজিৰ সংবাদ জগতৰ ভোটাতৰা, শিক্ষাবিদ, সাহিত্যিক গোবিন্দ চন্দ্ৰ মেদকৰ জীৱন কৰ্মৰাজীৰ লগতে সাংবাদিকতা আদিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ৷ সভাত ধেমাজি প্ৰেছ ক্লাৱৰ সম্পাদক জিতু শইকীয়া, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া, সাংবাদিক ক্ৰমে প্ৰদুম্ন্য ভৰালী, মন বিকাশ বৰগোহাঁই, বিশ্বজিৎ ফুকন, পৱন বৰুৱা, দিপেন ভিতৰুৱাল কোঁৱৰ, ভাস্কৰ সভাপণ্ডিত, বিজন শৰ্মা, বিৰিঞ্চি দত্ত, জয়ন্ত বৰা, সমাজকৰ্মী তথা স্থাপত্যবিদ ঋতুৰাজ বুঢ়াগোহাঁই, ধেমাজি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° বুদ্ধেশ্বৰ কোঁচ ,সমাজকৰ্মী অমৃত গগৈ, বাবুল বৰা, মণ্টু পাংগিং, ধেমাজি জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি দিব্য দত্ত, ধেমাজি উন্নয়ন খণ্ডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অতুল দাস আদি বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকে ৷

Also Read: মহানগৰীৰ 'খাওঁগলি'ত ভয়ংকৰ অগ্নিকাণ্ড

social activist