মাছখোৱাত ভাৰতীয় ডাক সেৱা বিভাগৰ বিশেষ সভা

ধেমাজিৰ মাছখোৱাত ভাৰতীয় ডাক সেৱা বিভাগৰ বিশেষ সভা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
মাছখোৱাত ভাৰতীয় ডাক সেৱা বিভাগৰ বিশেষ সভা

ডিজিটেল সংবাদ, ধেমাজিঃ ভাৰতীয় ডাক বিভাগৰ উদ্যোগত শুকুবাৰে ধেমাজি জিলাৰ মাছখোৱা মৌজাৰ অন্তৰ্গত দেউঘৰীয়া সমজুৱা ভৱনত ডাক কমিউনিটি ডেভেলপমেণ্ট প্ৰগ্ৰামৰ কাৰ্যসূচীৰ এখনি (DCDP) সভা অনুষ্ঠিত হয়। ধেমাজি ডাক ঘৰৰ ডাক বিষয়া বিমান দত্তই কৰা উদ্দেশ্য ব্যাখ্যাৰ পিছতেই লখিমপুৰ মুখ্য ডাকঘৰৰ সহকাৰী ডাক অধীক্ষক অশ্বিনী বড়োয়ে বিভাগৰ বিভিন্ন লাভদায়ক আঁচনিৰ বিষয়ে সভাত উপস্থিত ৰাইজক অৱগত কৰে।

Advertisment

তদুপৰি এই সভাত উপস্থিত থকা ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত ডাক সেৱা বিভাগৰ বিভিন্ন ফলপ্ৰসূ আঁচনিৰ এখনি তথ্যচিত্ৰ প্ৰদৰ্শন হয়। সভাত অতিথি হিচাপে উপস্থিত থকা ডিব্ৰুগড় সংমণ্ডলৰ ডাক অধীক্ষক কুমাৰ ৰঞ্জন ৰয়ে বক্তব্যত বেটি বচাও বেটি পঢ়াও সুকন্যা আঁচনি, ৰেকাৰিং ডিপজিট, পি পি এফ, ফিক্স ডিপজিট, ইণ্ডিয়ান পষ্টেল পেমেনণ্ট বেংক, গ্ৰামীণ ডাক জীৱন বীমা, ডাক জীৱন বীমা  আদিকে কৰি  বিভিন্ন ফলপ্ৰসূ আঁচনিৰ বিষয়ে উপস্থিত ৰাইজক অতি আকৰ্ষণীয় ভাৱে বৰ্ণনা কৰে।

তেওঁ ডাক ঘৰৰ প্ৰত্যেকজন গ্ৰাহকক আধাৰ লিংক কৰি ডিজিটেল মাধ্যমৰ যোগেদি ঘৰৰ ওচৰৰ ডাকঘৰত অতি সহজতে টকা লে -দেনৰ সুবিধা আদাই কৰিবলৈ আহ্বান জনায়।  প্ৰায় তিনি শতাধিক ৰাইজ উপস্থিত থকা সভাখনত মাছখোৱা উন্নয়ন খণ্ডৰ সম্বন্নয়ক চন্দ্ৰ প্ৰভা পেগু দলে, পূৱ মাছখোৱা গাওঁ পঞ্চায়তৰ সভাপতি শোভন চুতীয়া,  আৰু সাংবাদিক অশোক ছেত্ৰী উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷ সভাত ৱাৰ্ড সদস্যা লীলাৱতী বৰপাত্ৰ গোহাঁই, ধেমাজি ডাক ঘৰৰ ডাক বিষয়া প্ৰকাশ ছেত্ৰী, সাংবাদিকদ্বয় মিন্টু শইকীয়া আৰু বিশ্বজিৎ ফুকনে উপস্থিত থাকে। সভাৰ অন্তত ডাক বিষয়া বিমান দত্তই শলাগৰ শৰাই আগবঢ়ায় ।

Also Read: নগালেণ্ডৰ বিশিষ্ট সমাজকৰ্মীলৈ ভূপেন হাজৰিকা সমন্বয় বঁটা

post office