/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b0ebed32-bf24-4189-aeb8-768f39abf69d/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ 'ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰৰ এক বলিষ্ঠ কণ্ঠ। তেখেতৰ গীতৰ কথা আৰু কণ্ঠই বিশ্বৰ সৰ্বস্তৰৰ লোককে সন্মোহিত কৰি আহিছে। এনে এগৰাকী প্ৰথিতযশা ব্যক্তিৰ নামত উৎসৰ্গিত বঁটা গ্ৰহণ কৰিবলৈ পাই মই আজি অভিভূত হৈ পৰিছোঁ।' - গোলাঘাটত ভূপেন হাজৰিকা ন্যাসৰ উদ্যোগত, দেৱৰাজ ৰয় মহাবিদ্যালয় পৰিয়াল আৰু গোলাঘাটৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা 'সমন্বয় দিৱসৰ' দ্বিতীয় দিনৰ কাৰ্যসূচীৰ 'ভূপেন হাজৰিকা সমন্বয়-২০২৩' বঁটা গ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে নগা শান্তি প্ৰক্ৰিয়াৰ অন্যতম কাণ্ডাৰী তথা বিশিষ্ট সমাজকৰ্মী নিকেতু ইৰালুৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d1ffeae0-2d7d-40e1-b988-0f9118c3d86e/1d0e38b5_8286_4732_822f_e5193f0ba6f4.jpg)
তেওঁ অতীতক সুঁৱৰি কয় যে- বহু বছৰৰ আগতে কহিমা সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা এখন সভাত তেওঁ ড° ভূপেন হাজৰিকাক প্ৰথম বাৰৰ বাবে লগ পাইছিল। ভূপেন হাজৰিকাৰ দৰে এগৰাকী বিশ্ব কণ্ঠক লগ পোৱাতো তেওঁৰ বাবে পৰম সৌভাগ্য বুলিও উল্লেখ কৰে। ভূপেন হাজৰিকাৰ গীতসমূহে সদাই সমন্বয়ৰ বাৰ্তা বহন কৰি আহিছে বুলি ইৰালুৱে ভাষণ প্ৰসংগত উল্লেখ কৰে। এই বঁটা প্ৰাপ্তিয়ে অসম আৰু নগালেণ্ডৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিব তেওঁ ব্যক্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f562e31a-9949-4f61-8bb4-5f57ce76d08f/3d5feb0f_c2e7_43fa_8630_f29cd6e2dfb0.jpg)
ন্যাসৰ অন্যতম সদস্য ইন্দ্ৰিৎ দাসে আঁত ধৰা সভাত ইৰালুক বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকা, বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী আৰু ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সভাপতি ড° মংগল সিং হাজোৱাৰীয়ে। ইৰালুক সম্বৰ্ধনা পত্ৰ, শৰাই , চেলেং, গামোচা আদিৰে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত নিকেটুৰ পত্নী তথা নাগালেণ্ডৰ সমাজ জীৱনৰ অন্য এক কাণ্ডাৰী ক্ৰিষ্টিন ইৰালুৱেও উপস্থিত থাকে। ইফালে এই অনুষ্ঠানতে বিশিষ্ট সংগীত পৰিচালক ডা° উপেন কাকতি আৰু বিশিষ্ট সাহিতিক ড° দিলীপ দত্তক মৰণোত্তৰভাৱে 'হিতৈষী বঁটা-২০২৩' আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। ডাঃ উপেন কাকতিৰ হৈ বঁটা গ্ৰহণ কৰে তেওঁৰ সহধৰ্মিনী অঞ্জলী কাকতিয়ে আৰু ড০ দিলীপ কুমাৰ দত্তৰ হৈ বঁটা গ্ৰহণ কৰে ভগ্নী ৰীতা ৰাজখোৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ce503205-3ff6-445a-9408-d24b394e8833/7fc5908c_afdd_47f0_8628_5f56bcd50f45.jpg)
অন্যহাতে পুৱাৰ ভাগতে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ পতকা উত্তোলন কৰে ন্যাসৰ সভাপতি ড০ মঙ্গল সিং হাজোৱাৰীয়ে। ইয়াৰ পিছতে উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি জয়ন্ত বাৰুকীয়ালে। সুধাকণ্ঠগৰাকীৰ ৯৭ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি ৯৭ গৰাকী বিশিষ্ট ব্যক্তিয়ে ৯৭ খন পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে গোলাঘাট জিলা আয়ুক্ত ডাঃ পি উদয়ে। বিহু, গায়ন-বায়ন, ভোজপুৰী, নেপালী, বেংগলী, শিখ, ৰাজস্থানী আদি বিভিন্ন জাতি জনগোষ্ঠীৰ নানান সংস্কৃতিৰে পৰিপূৰ্ণ আকৰ্ষণীয় এই শোভাযাত্ৰাই চহৰখন পৰিভ্ৰমণ কৰি পুনৰ উদযাপন স্থলীলৈ ঘূৰি আহে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/0e6b12bb-4f10-4d60-b6bc-b9c200ed9762/d117ee0e_c3da_45d3_8702_88201a31e722.jpg)
উল্লেখ্য যে, গোলাঘাটত উদযাপন কৰা সুধাকণ্ঠৰ এই স্মৃতি দিৱসত সমবেত হ'ল অসমৰ অভিনয় তথা সাহিত্য জগতৰ স্বনামধন্য শিল্পী, সাহিত্যিকসকল। ইয়াৰ ভিতৰত বিশিষ্ট কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্য, মালবিকা বৰা, অভিনেত্ৰী মৃদুলা বৰুৱা, বিদ্যা ৰাও, বিশিষ্ট সাহিত্যিক তথা 'সাদিন'ৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী আদি অন্যতম। নিশালৈ অনুষ্ঠিত হোৱা বিশিষ্ট চলচিত্ৰ পৰিচালক প্ৰয়াত মুনীন বৰুৱা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুৰ্দশন ঠাকুৰে। এই অনুষ্ঠানত গীত পৰিবেশন কৰে বিশিষ্ট কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্য, অনুপজোতি চৌধুৰী(ৰাজু), গায়ত্ৰী হাজৰিকা, ৰূপম ভূঞা, ৰাজু আনচাৰী ,পাপৰি ঠাকুৰীয়া, পাৰিবন হুছেইন, উদীয়মান কণ্ঠশিল্পী লক্ষ্যজিৎ বৰুৱাৱে। আনহাতে নৃত্য পৰিবেশন কৰে সংগীত নাটক বঁটা প্ৰাপক শিল্পী অনিতা শৰ্মা আৰু বিশিষ্ট কথক নৃত্যশিল্পী মৰমী মেধিয়ে।
Also Read: বৰবৰুৱাৰ জকাইত ফুটবলৰ মহাৰণ