/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/922f3f35-9dd2-4037-bfa5-34bfb5884623/Dhemaji_Police.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ৰাজ্যত দিনক দিনে সৰৱ হা পৰিছে গৰু চুৰি চক্ৰ। যিমানেই আৰক্ষী কঠোৰ হৈছে সিমানেই যেন আৰক্ষীৰ চকুত ধূলি দিয়াৰ চেষ্টা চুৰৰ। পিছে চুৰ যদি ডালে ডালে অসম আৰক্ষী আকৌ পাতে পাতে। ধেমাজিত তাকেই প্ৰমাণ কৰিলে অসম আৰক্ষীয়ে।
ধেমাজিত গৰু ক্ৰয় কৰি বহি:ৰাজ্যলৈ প্ৰেৰণ কৰা চক্ৰৰ বিৰুদ্ধে ধেমাজি জিলা আৰক্ষীয়ে অভিযান চলায় ৷ ধেমাজি জিলাৰ চিচিবৰগাৱঁত আৰক্ষীয়ে মঙ্গলবাৰে অভিযান চলাই ৩ খন বিলাসী গাড়ীত বৃহৎ পৰিমাণৰ ধন লৈ গৰু ক্ৰয় কৰিবলৈ অহা শিৱসাগৰৰ ৯ জন লোকক গ্ৰপ্তাৰ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/5a30aa02-7354-4751-a1cd-5945d08e446c/WhatsApp_Image_2023_04_12_at_2_45_49_PM.jpeg)
তথ্যমতে চিলাপথাৰৰ মঙ্গলবাৰ সাপ্তাহিক বজাৰৰ পৰা গৰু ক্ৰয় কৰি শিৱসাগৰলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যে আহিছিল লোক কেইজন ৷ আটকাধীন লোক কেইজনৰ পৰা আৰক্ষীয়ে ২৭ লাখ ৫০ হাজাৰ টকা জব্দ কৰাৰ লগতে জব্দ কৰিছে ধন সৰবৰাহত ব্যৱহৃত গাড়ী ৩ খনো ৷
আটকাধীন লোক কেইজন হ'ল হেকিম আলি, হাবিবুৰ ৰহমান, বিপুল আলি, গিয়াছুদদ্দিন, নেকিব আলি, মুকিবুৰ ৰহমান, আলটাফ হুছেইন আৰু মৃদুল আলি বুলি ধেমাজি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পৰা জানিব পৰা গৈছে ৷
Also Read: দৰ্শকেও গঢ়িব নেকি ৱৰ্ল্ড ৰেকৰ্ড ? লানি নিচিঙা শাৰী কলাক্ষেত্ৰৰ সন্মুখত...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us