সুদখোৰৰ বিৰুদ্ধে নিষ্ক্ৰিয় ধেমাজি আৰক্ষীঃ ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীয়ে ৰাইজক দিলে দায়িত্ব..

সুদখোৰৰ বিৰুদ্ধে নিষ্ক্ৰিয় ধেমাজি আৰক্ষীঃ ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীয়ে ৰাইজক দিলে দায়িত্ব..
সুদখোৰৰ বিৰুদ্ধে নিষ্ক্ৰিয় ধেমাজি আৰক্ষীঃ ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীয়ে ৰাইজক দিলে দায়িত্ব..

ডিজিটেল সংবাদ ধেমাজিঃ ৰাজ্যজুৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই সুদ খোৰৰ বিৰুদ্ধে অভিযান চলি আছে যদিও ধেমাজি জিলাত নিষ্ক্ৰিয় হৈ আছে আৰক্ষী। এনে পৰিস্থিতিৰ মাজেত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভাতেই সুদখোৰৰ দপদপনি বন্ধ কৰি শীৰ্ঘে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিবলৈ মুকলিকৈ আহ্বান জনাবলগীয়া হৈছে। ৰাজ্যজুৰি সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে ধেমাজিত সুৰক্ষিত হৈ আছে ধুৰন্ধৰ সুদখোৰসকল।

ধেমাজিৰ লগতে চিচিবৰগাঁও গোগামুখ, বৰদলনি, চিলাপথাৰ, মাছখোৱা, মৰিধল আৰু জোনাইৰ বৃহৎ অঞ্চলতে সুদখোৰৰ দৌৰাত্ম্য অব্যাহত থকাই নহয়, এই কাৰ্যৰে স্থান-বিশেষে চৰকাৰী কাৰ্যালয়ৰ বহু কৰ্মচাৰী, হোটেল ব্যৱসায়ী, আলু-পিঁয়াজৰ পায়কাৰী ব্যৱসায়ী, বস্ত্ৰ ব্যৱসায়ী, মণ্ডল, শিক্ষক আদিও জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে, ইয়াৰে একাংশৰ উপাৰ্জনৰ আন কোনো উৎস নাই যদিও তেওঁলোক অগাধ সা-সম্পত্তিৰ গৰাকী হৈ পৰাৰ লগতে কোটি কোটি টকাৰ গৰাকী হৈ পৰিছে।

অভিযোগ অনুসৰি, ধেমাজি চহৰত একাংশ সুদখোৰে দৈনিক ভিত্তিত আৰু ১০ ৰ পৰা ২০ শতাংশ হিচাপত একাংশ ক্ষুদ্ৰ ব্যৱসায়ী আৰু চাকৰিয়ালক ধন আদায় দিয়ে। ধেমাজিত এইয়া বহু দিনৰে পৰাই চলি আহিছে। আনহাতে বিশেষভাৱে চৰ্চিত একাধিক সুদখোৰে দলিলত স্বাক্ষৰ কৰাই সুদত ধন দি সেই সুদৰ ধন লাভ নকৰিলে সময়মতে তেনেলোকৰ যানবাহন আৰু বেংকৰ পাছবুক, এ টি এম কাঢ়ি লোৱাৰো অভিযোগ উঠিছে।

এইসকলে আনকি এদিনত ১০ হেজাৰ টকাৰ বিপৰীতে এহেজাৰ টকাৰ সুদ আদায় কৰে ৷ বিভিন্ন জনক এনেদৰে সুদত ধন আদায় দিয়ে এইসকল সুদখোৰে। উল্লেখ্য যে উকা দলিলত চহী কৰাই সুদলৈ ধন আদায় দিয়া এইসকলে মাহে ১০ ৰ পৰা ২০ শতাংশ হাৰত ধন আদায় কৰে।

প্ৰয়োজনত ভয়- ভাবুকিৰ আশ্রয় লোৱা এই সুদখোৰে আনকি প্রয়োজনত আৰক্ষীকো ব্যৱহাৰ কৰি ধন মোকলোৱাৰো অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে,এনে বিষয়লৈ বিভিন্ন স্থানত মাজে- সময়ে সুদখোৰ আৰু লওঁতাৰ মাজত খণ্ড যুদ্ধ, মাৰপিট আৰু আৰক্ষী থানাত গোচৰো ৰুজু হোৱা দেখা যায় ৷

পূৰ্বৰ প্ৰাপ্ত অভিযোগ মতে ধেমাজি, চিলাপথাৰ আৰু গোগামুখ চহৰত একাধিক সুদখোৰ তৎপৰ হৈ থকাৰ লগতে বহু লোকৰ সা-সম্পত্তিও দখল কৰি লোৱাৰ বিষয়ে স্থানীয় ৰাইজে প্রকাশ কৰিছে। বিয়াগোম সুদখোৰৰ অগাধ সম্পত্তি আনৰ ঘৰ মাটি দখল কৰিয়েই হোৱা বুলিও চর্চিত হৈছে।

উল্লেখ্য যে এইবোৰ অঞ্চলতো মাহে ১০ শতাংশ হাৰত সুদ আদায় কৰা সুদখোৰ সকলে চক্রবৃদ্ধি হিচাপত সুদৰ পৰিমাণ বৃদ্ধি কৰি ধন ধাৰলৈ লোৱা বিপর্যস্ত লোকৰ অৱস্থা শোচনীয় কৰাৰ লগতে তেওঁলোকৰ সা-সম্পত্তি অধিকাৰ কৰি অগাধ সম্পত্তিৰ গৰাকী হৈ পৰিছে। ধেমাজি জিলাখনত বহু ধুৰন্ধৰ সুদখোৰে অবৈধ ব্যৱসায় আজিও অব্যাহত ৰাখিছে যদিও এজনো আটক কৰিবলৈ সক্ষম নোহোৱা কথাটো আজি মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱা লগতে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰা ধেমাজিৰ ৰাজহুৱা সভাতেই মুকলিকৈ বক্তব্যত ধেমাজিৰ সুদখোৰসকলক আৰক্ষীৰ হাতত ধৰাই দিবলৈ ৰাইজক আহবান জনাঁলে ৷

উল্লেখ্য যে ধেমাজি জিলাখনত দীৰ্ঘ দিন ধৰি বহুকেইজন সুদখোৰ দালালৰূপী ব্যক্তিয়ে অবৈধ সুদখোৰ কাৰ্য অব্যাহত ৰাখিছে ৷ একাংশ লোকে আৰ্থিক দৈন্যতাত পৰি দিকবিদিক হেৰুৱাই পেলোৱাৰ লগতে সা-সম্পত্তি বিক্ৰী কৰিও উপায়ন্তৰ হৈ পৰে। তেনে সুযোগ গ্ৰহণ কৰে অবৈধ ঋণদাতাই।

ধন দি অধিক হাৰত সুদ সংগৃহীত কৰে আৰু ধন ঘূৰাই দিব নোৱাৰিলে বিভিন্ন সময়ত লোকসকলক ভীতিগ্ৰস্থ কৰি তোলাৰো অভিযোগ উত্থাপিত হৈ আহিছে।একাংশ সুদখোৰৰ বিৰুদ্ধে বহু সময়ত ভুক্তভোগীয়ে বিভিন্ন সময়ত আৰক্ষী থানাৰ কাষ চাপিছিল আদিও আৰক্ষীৰ পৰা কোনো ধৰণ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই। শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশৰ পিছতো কোনো কেৰেপ নকৰাকৈ একাংশ সুদখোৰে ধেমাজি জিলাখনৰ বিভিন্ন স্থানত বৰ্তমানেও অব্যাহত ৰাখিছে এনে অবৈধ কাৰ্য্য ৷

সুদখোৰৰ বিৰুদ্ধে নিষ্ক্ৰিয় ধেমাজি আৰক্ষীঃ ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীয়ে ৰাইজক দিলে দায়িত্ব..
ৰঙিয়াৰ পথ দুৰ্ঘটনাঃ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে কণমানি পাহিয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in