/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/afbb8836-55e2-4a62-81e5-a722051561eb/Ranoj_new.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিত "ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (RKVY)"ৰ অধীনত ভ্ৰাম্যমাণ পশু চিকিৎসালয় "পশুধন সাৰথি" বাহনৰ আনুষ্ঠানিক উদ্বোধন মন্ত্ৰী ৰণোজ পেগুৰ ৷ প্ৰাকৃতিক দুৰ্যোগ আৰু মহামাৰীৰ সময়ত চিকিৎসা আৰু চিটা প্ৰদান কৰাৰ বাবে মুকলি কৰা হয় এই সেৱা।
কেন্দ্ৰীয় চৰকাৰৰ অনুদানপ্ৰাপ্ত আৰু অসম চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ দ্বাৰা অনুদানপ্ৰাপ্ত তথা পশুপালন পশুচিকিৎসা বিভাগৰ অৰ্থ সাহাৰ্যৰে প্ৰদান কৰা হয় এই “পশুধন সাৰথি” ভ্ৰাম্যমাণ বাহনখন। শনিবাৰে পুৱা ১১ বজাত ধেমাজি আৱৰ্ত্তভৱনৰ চৌহদত আনুষ্ঠানিকভাৱে ফিটা কাটি শুভাৰম্ভণি কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c5bea27c-437f-421c-a6b9-f746710bf5e3/0275a41f_bf40_4bfd_87d2_683c766e5627.jpg)
এই পশুপালন ও পশুচিকিৎসা বিভাগৰ ভ্ৰাম্যমাণ "পশুধন সাৰথি" শুভাৰম্ভ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বক্তব্যত ৰাজ্য চৰকাৰে পশুসেৱাৰ বাবে আগবঢ়োৱা অভিলাষী আঁচনিখনৰ সম্পৰ্কে মন্তব্য কৰি এই সুবিধা গ্ৰহণৰ বাবে সকলোকে আহ্বান জনায় ৷ এই উপলক্ষে অনুষ্ঠিত হোৱা শুভাৰম্ভণি সভাৰ আঁত ধৰে গোগামুখৰ পশুপালন ও পশুচিকিৎসা বিভাগৰ চিকিৎসক ডাঃ অনিল পেগুৱে ৷
এই সেৱাৰ বিষয়ে অৱগত কৰি ধেমাজি জিলা পশুপালন ও পশুচিকিৎসা বিষয়া ডাঃ গিৰিণ শইকীয়াই কয় যে, 'এতিয়াৰে পৰা ১৯৬২ হেল্পলাইনত নম্বৰত সংযোগ স্থাপন কৰা লগে লগে ধেমাজি পশুপালন ও পশুচিকিৎসা বিভাগৰ চিকিৎসক আৰু কৰ্মচাৰীসকলে ৰোগাক্ৰান্ত পোহনীয়া পশুৰ কাষত উপস্থিত হ'ব ৷ আৰু এই ভ্ৰাম্যমাণ "পশুধন সাৰথি"ৰ লগত একোজনকৈ পশুপালন চিকিৎসক, ফিল্ড এছিচটেণ্ট আৰু ড্ৰাইভাৰসহ মুঠ ৩গৰাকী পশুসেৱাৰ বাবে উপস্থিত হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/cf72fd4e-405f-4044-968a-c550cb1897f4/9149199a_4b06_416d_a503_f2198cf77a48.jpg)
উল্লেখ্য যে, বৰ্তমান ধেমাজি জিলাত মুঠ ৯খন "পশুধন সাৰথি"ৰ বাহন উপলব্ধ হ'ব ৷ শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰী, সাংসদৰ লগতে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুও উপস্থিত থাকে।
Also Read: ড০ হীৰেন গোহাঁইয়ে উন্মোচন কৰিলে 'বেজকচু'...