/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d6ddc349-3c6e-4ecd-9223-8b81d9b6581c/ap_for_web_copy.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম শীঘ্ৰেই বন্ধ কৰাৰ দাবীত অসম জাতীয়াবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা সমিতিৰ সহযোগত শনিবাৰে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়। দুপৰীয়া ১২.০০ বজাৰ পৰা বিয়লি ২.০০ বজালৈ অনুষ্ঠিত এই কাৰ্যসূচী অনুষ্ঠিত হয় ধেমাজিৰ কাছাৰী ময়দানৰ সন্মুখত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/0c58a0f4-7fc7-4739-9c49-39be8f3fae0e/cf532636_aaf7_400d_91af_33eb0ebd217c.jpg)
জিলা আৰু কেন্দ্ৰীয় প্ৰতিনিধিৰ প্ৰায় ৫ শতাধিক পুৰুষ মহিলাই হাতে-হাতে বেনাৰ, পোষ্টাৰ, প্লে'কাৰ্ড লৈ বিজেপিৰ কেন্দ্ৰীয় চৰকাৰ হায় হায়, বিজেপিৰ অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, মন্ত্ৰী ৰণোজ পেগু কাম নাই, সাংসদ প্ৰদান বৰুৱা কাম নাই, এন এইচ পি চিৰ কাম-কাজ শীঘ্ৰেই বন্ধ কৰক, এন এইচ পি চিক বন্ধ কৰি ধেমাজি, লখিমপুৰ আৰু মাজুলীক ৰক্ষা কৰক ইত্যাদি শ্লোগানেৰে প্ৰতিবাদ স্থলী উত্তাল কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/fb7b1549-87ec-41c3-910f-41e2e64cb584/4180303f_c871_4ce3_8c37_5d8fdc20358c.jpg)
কাৰ্য্যসূচীৰ অন্তত স্থলীতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰা হয় ৷ নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ পৰা আগন্তুক দিনত আংশকা কৰা ভয়াৱহতা তথা বিপদত ইয়াৰ বাবে চৰকাৰে দায়ী হ'ব লাগিব বুলি দাবী কৰি চৰকাৰৰ কাম-কাজক সমালোচনা কৰে ৷ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্বল চুতীয়া, সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, গোলাঘাট জিলা সমিতিৰ সভাপতি সম্পাদক বিপুল বৰা আৰু ৰাজীৱ লস্কৰ উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f89bdbb2-f6d1-4433-a32b-95562d8ed451/4263b6fe_97bd_4c2d_9820_17dc24d19dac.jpg)
তদুপৰি শিৱসাগৰ জিলা সমিতিৰ উপদেষ্টা মানসজ্যোতি কোঁৱৰ, সভাপতি বাবুল বৰা, ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰাতুল বৰগোহাঁই, দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি ৰূপম নাথ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসমৰ সহকাৰী সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাজু চুতীয়া, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি দেৱজিৎ দত্তকে ধৰি বিভিন্ন জিলা আৰু আঞ্চলিকৰ বহুকেইগৰাকী বিষয়ববীয়া আৰু কৰ্মকৰ্তাই উপস্থিত থাকে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8ee3fc97-a3ec-450b-b6da-4d0b85076a1b/8186f110_7aab_419f_a17f_f4a723e5a41b.jpg)
Also Read: আই নৈৰ বানপানী-খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ নৈৰ পাৰত ৰাজহুৱা প্ৰাৰ্থনা