আই নৈৰ বানপানী-খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ নৈৰ পাৰত ৰাজহুৱা প্ৰাৰ্থনা

আই নৈৰ বানপানী-খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ নৈৰ পাৰত ৰাজহুৱা প্ৰাৰ্থনা

author-image
Asomiya Pratidin
New Update
আই নৈৰ বানপানী-খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ নৈৰ পাৰত ৰাজহুৱা প্ৰাৰ্থনা

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ চিদলী ৰাজহচক্ৰৰ ২নং ওদালগুৰীৰ গাঁৱত আই নৈৰ গৰাখহনীয়া আৰু বানপানীৰ পৰা গাঁও ৰক্ষা কৰিবলৈ গঞাই আই নৈৰ পাৰতে শনিবাৰে নেদেখা জনৰ ওচৰত ৰাজহুৱা প্ৰাৰ্থনা কৰে। স্থানীয় ৰাইজৰ মতে প্ৰতি বছৰে আই নৈৰ বানপানী আৰু গৰাখহনীয়াৰ কবলত ২নং ওদালগুৰী গাঁৱৰ মানুহৰ ঘৰদুৱাৰৰ উপৰি কৃষিভূমি নৈৰ বুকুত জাহ গৈছে।

Advertisment

আই নৈৰ এই গৰাখহনীয়াৰ পৰা অঞ্চলটোক ৰক্ষা কৰিবলৈ বিগত সময়ৰ বিপিএফ দলৰ শাসক আৰু বৰ্তমানৰ বিটিচি চৰকাৰক আৱেদন নিৱেদন কৰা হৈছে যদিও এই সংক্ৰান্তত আজিলৈকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই। বৰ্তমানৰ বিটিচি প্ৰশাসনৰ পৰা মথাউৰি নিৰ্মাণৰ নামত যিখিনি কাম কৰিছে সেয়া কোনো ফলপ্ৰসূ হোৱা নাই। যাৰ কাৰণে শনিবাৰে ২নং ওদালগুৰী গাঁৱৰ ৰাইজে চৰকাৰলৈ অপেক্ষা নকৰি নিজৰ গাওঁখনক ৰক্ষা কৰিবলৈ নেদেখা জনৰ ওচৰত শৰণাপন্ন হয় আৰু আই নৈৰ পাৰত আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰি তেওঁলোকৰ গাওঁখন যাতে আই নৈৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰে আৰু চৰকাৰৰ দায়িত্বত থকা লোকসকলৰ যাতে সুমতি হয় তাৰ বাবেও প্ৰাৰ্থনা কৰে ।

Also Read: ৩৮ সংখ্যক নেত্ৰদান পষেক উপলক্ষে নলবাৰীত সজাগতা সভা

GOVT OF ASSAM