/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/6eca3685-f640-41a3-b5b8-06a342de03d3/ORISSA.jpg)
ডিজিটেল ডেস্ক : শুকুৰবাৰে সন্ধিয়া উৰিষ্যাৰ বালাচোৰ জিলাত যাত্ৰীবাহী ৰে'ল আৰু মালবাহী ৰে'লৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এই পৰ্যন্ত ১৭৯ জন যাত্ৰী আহত হোৱাৰ খবৰ আহি পৰিছে। দুৰ্ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে আঘাতপ্ৰাপ্তসকলক ইতিমধ্যেই চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
উৰিষ্যা অগ্নি নিৰ্বাপক সেৱাৰ মুৰব্বী সুধাংশু সাৰংগীয়ে উদ্ধাৰ অভিযানত তদাৰক কৰাৰ লগতে বালাচোৰ আৰু ইয়াৰ আশে-পাশে থকা চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়সমূহক সতৰ্ক কৰিছে। ঘটনাৰ ফলত ৰে'লৰ চাৰিটা ডবা লাইনচ্যুত হয়। উল্লেখ্য যে, যাত্ৰীবাহী ৰে'লখন হৈছে কৰোমণ্ডেল এক্সপ্ৰেছ।
Also Read: লোকসভা নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে কংগ্ৰেছে; মৰাণত বৈঠক...