ধেমাজি জল জীৱন আঁচনি প্ৰহসনত পৰিণতঃ বিশুদ্ধ খোৱাপানী পৰা বঞ্চিত ২ নং বৰাচিৰাবাসী

ধেমাজি জল জীৱন আঁচনি প্ৰহসনত পৰিণতঃ বিশুদ্ধ খোৱাপানী পৰা বঞ্চিত ২ নং বৰাচিৰাবাসী

author-image
Asomiya Pratidin
New Update
ধেমাজি জল জীৱন আঁচনি প্ৰহসনত পৰিণতঃ বিশুদ্ধ খোৱাপানী পৰা বঞ্চিত ২ নং বৰাচিৰাবাসী

ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি জল জীৱন মিছনৰ প্ৰায় আঁচনি সমূহ প্ৰহসনত পৰিণত হৈছে ৷ যাৰ ফলত বিশুদ্ধ খোৱা পানীৰ পৰা আজিও বঞ্চিত হৈ আছে অঞ্চলবাসী । ধেমাজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰূপায়ণ হোৱা বিশুদ্ধ খোৱাপানী আঁচনিখন এতিয়া ধোঁৱা চাঙত উঠিছে ৷

Advertisment

উল্লেখ্য যে পূৰ্বতে ধেমাজি বিধানসভা সমষ্টিটোৰ অন্তৰ্গত আছিল যদিও পৰৰ্ৱতী নতুন সমষ্টিৰ হোৱা পিছত চিচিবৰগাঁও সমষ্টিৰ অন্তৰ্গত ২ নং বৰাচিৰা গাঁওখনৰ প্ৰায় ডেৰ শতাধিক ঘৰৰ পৰিয়ালে আজি দুবছৰে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ'ব লগা হৈছে ৷

২০২০-২১ বৰ্ষত হাজিৰ এন্টাৰপ্ৰাইচ নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা পিছৰে পৰা জল জীৱন মিছন আঁচনিটোৰ পানী ৰাইজে পোৱা নাই ৷ ইফালে আঁচনিটোৰ ১ কোটি ১৬ লাখ টকা আৱন্টৱনৰ ধনৰ পিছতো ঠিকাদৰে আঁচনিৰ কাম নোহোৱাকৈ ৮৪ শতাংশই কাম সম্পূৰ্ণ হোৱা বুলি বিভাগে ভুৱাকৈ তথ্য দাখিল কৰে ৷

ইয়াৰ উপৰিও আঁচনিটোৰ পাইপ সমূহ বিভাগৰ নিয়মমতে ৩ ফুট ৩ ইঞ্চি পুতিব লাগে যদিও ঠিকাদাৰে মাত্ৰ এফুটমান ওপৰতে ৰখা দেখা গৈছে ৷ তাৎপৰ্যপূৰ্ণ যে আঁচনিটোৰ চাৰিও ফালে গাঁত সমূহ খান্দি মুকলিকৈ ৰাখি মৰণফাণ্ড সদৃশ কৰি ৰাখিছে ৷ জানিব পৰা মতে আঁচনিৰ কাম নিয়ম মতে নকৰি আঁচনিটোৰ সিংহ ভাগ ধন ইতিমধ্যে আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

অঞ্চলটোৰ ২ নং বৰাচিৰা বাসী ৰাইজে উৰ্দ্ধতম কৰ্তৃপক্ষক এই আঁচনিখনৰ পৰা বিশুদ্ধ পানী টুপী নোপোৱাৰ বিষয়ে বাৰম্বাৰ অৱগত কৰিছে যদিও বিভাগে কোনো গুৰুত্বই নিদিয়াৰ অভিযোগ উঠিছে ৷

বহুদিন ধৰি ধেমাজি জনস্বাস্থ্য কাৰিকৰী বিভাগেও কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফলত অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ কৰ্মকৰ্তা সকলৰ লগতে অঞ্চলবাসী ৰাইজে জল জীৱন মিছনৰ আঁচনিখনৰ সমুখতে বৃহস্পতিবাৰে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদকাৰী সকলে অতিশীঘ্ৰে আঁচনিখন সম্পূৰ্ণ কৰক, আমাক বিশুদ্ধ খোৱা পানী দিয়ক, হাজিৰ এন্টাৰপ্ৰাইচ মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে ৷ কোনো সুফল লাভ নকৰিলে কাৰ্য্যালয়ৰ সমুখত শীঘ্ৰেই গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

Also Read: অৱসৰী প্ৰধান শিক্ষক,সমাজকৰ্মী ক্ষীৰোদ গগৈৰ বিয়োগঃ মথুৰাপুৰত শোকৰ ছাঁ

dhemaji locals protest