ধেমাজি জিলা উকীল সন্থাৰ প্ৰাক্তন সভাপতি জ্যেষ্ঠ অধিবক্তা কেশৱ চন্দ্ৰ সোনোৱালক বিশেষ অভিনন্দন ও সম্বৰ্ধনা...

ধেমাজি উকীল সন্থাৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ অধিবক্তা কেশৱ চন্দ্ৰ সোনোৱালৰ ওকালতি জীৱনৰ ৫০ তম সোণালী বৰ্ষপূৰ্তি উপলক্ষে শনিবাৰে বিশেষ অভিনন্দন ও সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়
ধেমাজি জিলা উকীল সন্থাৰ প্ৰাক্তন সভাপতি জ্যেষ্ঠ অধিবক্তা কেশৱ চন্দ্ৰ সোনোৱালক বিশেষ অভিনন্দন ও সম্বৰ্ধনা...

ডিজিটেল সংবাদ, ধেমাজি: ধেমাজি উকীল সন্থাৰ প্ৰাক্তন সভাপতি, জ্যেষ্ঠ অধিবক্তা কেশৱ চন্দ্ৰ সোনোৱালৰ ওকালতি জীৱনৰ ৫০ তম সোণালী বৰ্ষপূৰ্তি উপলক্ষে শনিবাৰে বিশেষ অভিনন্দন ও সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। আদালতৰ চৌহদৰ ধেমাজি উকীল সন্থাৰ কাৰ্য‍্যলয়ত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷

উক্ত অনুষ্ঠানটি ধেমাজি জিলা উকীল সন্থাৰ সভাপতি জয়ন্ত দত্তই সভাপতিত্ব কৰে। বিশেষ অভিনন্দন ও সম্বৰ্ধনা অনুষ্ঠানটিৰ আতঁ ধৰে জিলা উকীল সন্থাৰ সাধাৰণ সম্পাদক গোপীনাথ সন্দিকৈয়ে ৷ অনুষ্ঠানত জ্যেষ্ঠ অধিবক্তা গৰাকীক ধেমাজি জিলাৰ উকীল সন্থাৰ লগতে তৰনী সংঘ, সন্থাৰ সদস্য-সদস‍্যা আৰু বিভিন্ন অনুষ্ঠানে ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় ।

জ্যেষ্ঠ অধিবক্তা কেশৱ সোনোৱালে ১৯৭১ চনৰ ফেব্ৰুৱাৰী পৰা আগষ্ট মাহলৈকে তেতিয়াৰ অবিভক্ত লখিমপুৰ উকীল সন্থাত, পৰৱৰ্তী সময়ত ধেমাজি মহকুমা উকীল সন্থাত যোগদান কৰে। অধিবক্তা গৰাকীয়ে ধেমাজি মহকুমাৰ আদালত তথা পৰৰ্ৱতী সময়ত জিলা ও ছেচন ন্যায়ধীশ আদালতত কেনেকৈ ওকালতি আৰম্ভ কৰি তেতিয়া পৰা বৰ্তমান পৰ্য্যায়লৈকে উকালতি কৰে সেই অভিজ্ঞতাৰ সম্পৰ্কে সকলো মনৰ কথা ব‍্যক্ত কৰে ।

অনুষ্ঠানত অধিবক্তা গৰাকীক অভিনন্দন জনাই বক্তব্য প্ৰদান কৰে ধেমাজি আদালতৰ জ্যেষ্ঠ অধিবক্তা ক্ৰমে ফটিক চন্দ্ৰ বৰুৱা, ৰেৱত চন্দ্ৰ গোহাঁই, নন্দেশ্বৰ বুঢ়াগোহাঁই, যুগল বুঢ়াগোহাঁই আৰু ধেমাজি মুখ্য ন‍্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ জ্যেষ্ঠ বৰ্গৰ সহায়ক গমেশ্বৰ সোনোৱালে। তদুপৰি তৰণী সংঘৰ প্ৰাক্তন সভাপতি নবীন বৰা, তৰণী সংঘৰ সভাপতিৰ সোমেশ্বৰ পাত্ৰকে ধৰি বহু কেইগৰাকী ব‍্যক্তিয়ে শুভেচ্ছা মুলক বক্তব্য প্ৰদান কৰে ৷ অনুষ্ঠানৰ মাজতে জ্যেষ্ঠ অধিবক্তা কেশৱ সোনোৱালে ধেমাজি জিলাৰ উকীল সন্থাৰ গ্ৰন্থাগাৰৰ শুভ উদ্ধোধন কৰে ৷

ধেমাজি জিলা উকীল সন্থাৰ প্ৰাক্তন সভাপতি জ্যেষ্ঠ অধিবক্তা কেশৱ চন্দ্ৰ সোনোৱালক বিশেষ অভিনন্দন ও সম্বৰ্ধনা...
ৰাহুলৰ কান্ধত উঠি ইন্দিৰা গান্ধীৰ দিনলৈ উভতিব খুজিছে নেকি চৰকাৰ ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in