প্ৰশাসনৰ কঠোৰ জাননী: কবু বনাঞ্চল ত্যাগৰ কুচকাৱাজ বনাঞ্চলবাসীৰ...

ধেমাজি জিলাৰ জোনাইৰ প্ৰস্তাৱিত কবু চাপৰি সংৰক্ষিত বনাঞ্চলত বসবাস কৰা পৰিয়াল সমূহক উচ্ছেদৰ বাবে প্ৰসাশনে জাননী

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ জোনাইৰ প্ৰস্তাৱিত কবু চাপৰি সংৰক্ষিত বনাঞ্চলত বসবাস কৰা পৰিয়াল সমূহক উচ্ছেদৰ বাবে প্ৰসাশনে জাননী দিয়াৰ পিছতে ৰাইজৰ মাজত দেখা গৈছে তৎপৰতা। ঘৰ-বাৰী ভাঙি, প্ৰয়োজনীয় বয়-বস্তু, পশু লৈ নিজ নিজ ঘৰ-বাৰী এৰি স্থানান্তৰৰ কুচকাৱাজ চলা দেখা গৈছে বনাঞ্চলবাসীৰ মাজত।

Advertisment

ৰাজ্যৰ ভিন্ন প্ৰান্তত অবৈধ বে-দখলকাৰীৰ ওপৰত চৰকাৰৰ উচ্ছেদ অভিযান অব্যাহত থকাৰ সময়তে ধেমাজিৰ প্ৰস্তাৱিত কবু চাপৰি সংৰক্ষিত বনাঞ্চলত থকা লোকক জোনাই মহকুমা প্ৰসাশনে যোৱা ১৫ মে' তাৰিখে বন ভূমি এৰি যাবলৈ জাননী প্ৰেৰণ কৰে। অন্যথা চৰকাৰ তথা মহকুমা প্ৰশাসনে আবাসীৰ ওপৰত যিকোনো মুহূৰ্তত উচ্ছেদ কৰাৰ কথা জাননীত উল্লেক কৰিছিল।

যোৱা ১৫ মে’ তাৰিখে জোনাই আঞ্চলিক বন বিভাগৰ লোকে কবু চাপৰিত উপস্থিত হৈ ঘৰে ঘৰৈ গৈ এসপ্তাহৰ ভিতৰত বে-দখল মুক্ত কৰিবলৈ প্ৰদান কৰিছিল জাননী ৷ এই জাননীৰ পিছতো বন ভূমিত বসবাস কৰা পৰিয়াল সমূহ বনাঞ্চল এৰি গুচি যোৱা নাছিল যদিও পুনৰ জোনাই মহকুমা প্ৰশাসনে যোৱা ৬ জুন তাৰিখে পুনৰ বনভূমি বে-দখল মুক্ত কৰিবলৈ জাননী প্ৰেৰণ কৰে। এই জাননী লাভ কৰাৰ পিছতে গা-লৰিল ৰাইজৰ। বছৰ বছৰ ধৰি বনাঞ্চলত বসবাস কৰা লোকসকল নিজ নিজ ঘৰ-বাৰী ভাঙি টালি-টোপোলা বান্ধি এৰি গুচি যোৱাৰ পৰিলক্ষিত হৈছে।

Also Read: বুঢ়া আঙুলি দেখুৱাই আৰক্ষীৰ গাড়ীৰ পৰা পলায়ন কৰা আচামীক পুনৰ গ্ৰেপ্তাৰ...

GOVT OF ASSAM