ধেমাজিত বন্যাৰ্তক সাহাৰ্য্য প্ৰদানৰ দাবীত জিলা আয়ুক্তক স্মাৰকপত্ৰ জাতীয়তাবাদী যুৱ পৰিষদৰ

ধেমাজিত বন্যাৰ্তক সাহাৰ্য্য প্ৰদানৰ দাবীত জিলা আয়ুক্তক স্মাৰকপত্ৰ জাতীয়তাবাদী যুৱ পৰিষদৰ

author-image
Asomiya Pratidin
New Update
ধেমাজিত বন্যাৰ্তক সাহাৰ্য্য প্ৰদানৰ দাবীত জিলা আয়ুক্তক স্মাৰকপত্ৰ জাতীয়তাবাদী যুৱ পৰিষদৰ

ডিজিটেল সংবাদ,ধেমাজি: বানত বিধ্বস্ত ধেমাজি জিলাৰ অন্তৰ্গত লক্ষীপথাৰ, মৰিধল,বৰাচিৰা,গোহাঁই গাঁও পঞ্চায়তৰ সৰ্বাধিক গাঁও।বিগত ৪ দিনৰ মুষলধাৰ বৰষুণৰ ফলত ব্যাপক ক্ষতি হৈছে গাঁও কেইখনৰ। হাঁঁহাকাৰ অৱস্থা বন্যাৰ্তৰ।

Advertisment

সেয়ে অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া আৰু সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়াৰ নেতৃত্বত এটি প্ৰতিনিধি দলে সোমবাৰে লক্ষীপথাৰ পঞ্চায়ত পৰিদৰ্শন কৰে ৷

উল্লেখ্য যে ১৯৭২ চনৰ পিছত এইবেলিৰ বানক ৰাইজে সৰ্ববৃহৎ বান হিচাপে চিহ্নিত কৰিছে। প্ৰলয়ংকৰী বানে কৃষিভিত্তিক ৰাইজৰ খেতিপথাৰ,ঘৰ -দোৱাৰ উটুৱাই ধংসস্তুপত পৰিণত কৰিছে। এতিয়া পানীত হাঁহ নচৰা অৱস্থা ৰাইজৰ।সেয়ে সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰি প্ৰতিনিধি দলটোৱে বিয়লি জিলা আয়ুক্ত অংকুৰ ভৰালীক সাক্ষাৎ কৰি বানত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহৰ বিষয়ে অৱগত কৰে।

ইয়াৰোপৰি পৰিয়াল সমূহক ৫০ হাজাৰ আৰু ১ লাখ টকাৰ একালীন সাহাৰ্য্য আগবঢ়োৱা আৰু বানত বিধ্বস্ত মৰিধলৰ পৰা লক্ষীপথাৰ কৈৱৰ্ত্ত হৈ লক্ষীপথাৰ চাৰিআলি সংযোগী পথটো শীঘ্ৰেই নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷

Also Read: সাপ দেখিলেই আপুনি কিয় দিয়ে জাঁপ...

jatiyatabadi yuva parishad