/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/5c7993a0-19d8-4d31-b3ac-80d57c5401ed/21.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ সৌজন্যত আৰু ধেমাজি বাসীৰ ৰাইজৰ আতিথ্যত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা মৃদঙীয়া গায়ন-বায়ন সংস্থা, অসমৰ প্ৰথম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিৱেশন ও গায়ন-বায়ন সমাৰোহৰ দেওবাৰে সফল সামৰণি পৰে ৷ প্ৰতিকুল বতৰকো নেওচি ধেমাজি ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হোৱা দেওবাৰে শেষৰ দিনা বিয়লি ১.০০ বজাত সমবেত সংগীতেৰে কাৰ্য্যসূচী শুভাৰম্ভ হোৱা পিছতেই মুকলি সভাখনি অনুষ্ঠিত হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/875ced47-7e93-4115-b40b-cde8941464e0/09630da5_7972_4ad6_a7d6_04d1b1a8bb18.jpg)
মৃদঙ্গীয়া গায়ন-বায়ন সংস্থা,অসমৰ সভাপতি নোমল চন্দ্ৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱাৰ সভাৰ আদৰণি ভাষণ দিয়ে আদৰণি সমিতিৰ সভাপতি নীপ কোঁৱৰে ৷ আদৰণি ভাষণত কোঁৱৰে অসমৰ বিভিন্ন জিলাৰ পৰা মৃদঙ্গীয়া গায়ন-বায়নৰ দলসমূহৰ পদধূলাই ধেমাজিবাসীৰ বাবে মৃদঙ্গীয়া সংস্কৃতি বিকাশৰ এক মাইলৰ খুটিৰূপে চিহ্নিত থাকিব বুলি উল্লেখকৰি এই অধিৱেশনৰ সাফল্যই অসমীয়া সাংস্কৃতিক জগতক এক বিশেষ আৰ্কষণীয় দিশ উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/8a1f92fa-7aed-451d-88e9-27dd6004cef4/097c423d_9032_49c3_b8d9_2a0190f16c85.jpg)
ইয়াৰ পিছতে এটি কণমানি শিশুয়ে দৰ্শ অৱতাৰ নৃত্য পৰিদৰ্শনৰ কিছু সময় পিছতেই অসমৰ বিভিন্ন জিলাৰ পৰা অহা হাজাৰ-হাজাৰ যোৰা বৰতাল আৰু মৃদংগৰ মধুৰ তথা গুৰু গম্ভীৰ ধ্বনিত কঁপি উঠিল ধেমাজিৰ আকাশ বতাহ ৷ মধ্য আৰু উজনি অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ অৰুণাচল প্ৰদেশকে ধৰি মুঠ ২১৯ যোৰা গায়ন-বায়নৰ দলে ধেমাজি ষ্টেডিয়াম খেলপথাৰত একেলগে প্ৰদৰ্শন কৰিলে অসমীয়া সংস্কৃতিৰ অন্যতম নিদৰ্শন গায়ন বায়ন সংস্কৃতিয়ে ৷
মৃদঙীয়া গায়ন বায়ন সংস্থা, অসমৰ উদ্যোগত আৰু ধেমাজি জিলা মৃদঙ্গীয়া গায়ন-বায়ন সংস্থাৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰথম দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন আৰু গায়ন বায়ন সমাৰোহত অংশগ্ৰহণ কৰিছে নঁগাও, মৰিগাওঁকে ধৰি উজনি অসমৰ ডিব্ৰুগড় , তিনিচুকীয়া , চৰাইদেউ , ধেমাজি ,লখিমপুৰকে ধৰি ১২খন জিলাৰ গায়ন বায়নৰ দলৰ লগতে চুবুৰীয়া ৰাজ্যৰ অৰুণাচল প্ৰদেশৰ গায়ন বায়নৰ দলেসমূহে। সমাৰোহত প্ৰায় ৮ সহশ্ৰাধিক গায়নীয়া আৰু বায়নীয়াই একেলগে পৰিৱেশন কৰা বৰতাল আৰু মৃদঙ্গৰ দৃশ্যই ধেমাজিবাসীক চমকপ্ৰদ কৰি তুলিছে ৷
সমাৰোহৰ আৰম্ভণিতে মৃদঙ্গীয়া গায়ন-বায়ন সংস্থাই প্ৰথম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিৱেশন আৰু গায়ন-বায়ন সমাৰোহৰ উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতি “ দেৱ দুন্দুভি ” উন্মোচন কৰে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক কুমাৰ নেওগে ৷ সমাৰোহত ধেমাজি গপাক গাঁওৰ দীন কছাৰী ,কমাৰ গাওঁৰ নোমল গগৈ ,কোলাপথাৰ কছাৰী গাওঁৰ ইন্দ্ৰেশ্বৰ সোনোৱাল ,গৰৈমাৰী সম্ভোৰাম সোনোৱাল , ধেমাজি উমেশ চেতিয়া, বেতনিপাম গাঁওৰ কুহিঁৰাম বৰগোহাঁইকে কেইবাগৰাকীও বিশেষভাৱে সৰ্ম্বধনা জনায় ৷ অধিৱেশনত অতিথি হিচাপে উপস্থিত থাকি গায়ন-বায়ন আৰু মৃদঙ্গীয়াসকলক উৎসাহীত কৰি বক্তব্য ৰাখে নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক কুসুমৰ টাইৰায় গগৈয়ে ৷
Also Read: কোকৰাঝাৰৰ থুলুংগাপুৰীত ছাত্ৰ দিৱস উদযাপন