কাইলৈ পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ ২০২৪

কাইলৈ পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ ২০২৪

ডিজিটেল সংবাদ, চৰাইদেউঃ অহা  ৫, ৬ আৰু ৭ জানুৱাৰীত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হ'ব চৰাইদেউ মহোৎসৱ-২০২৪। এইবাৰৰ মহোৎসৱত গ্রন্থমেলাৰ সমান্তৰালকৈ বৰ অসমৰ স্রষ্টা চাওলুং চ্যুকাফাৰ বৃহৎ শাসন ব্যবস্থাৰ প্রতীকী উপস্থাপন কৰা হ'ব। ইয়াৰোপৰি অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য সম্ভাৰ, সাজ-পাৰ আদি প্ৰদৰ্শনৰ লগতে চুবুৰীয়া বিভিন্ন ৰাজ্যৰ কলা-কৃষ্টিক বিশেষভাবে প্রদর্শনৰ ব্যবস্থা থাকিব।

মূলতঃ এইবাৰৰ মহোৎসৱত কাৰ্যসূচীৰে সৈতে সংগতি ৰাখি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ কৃষ্টি, নৃত্য, জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য সম্ভাৰৰ মেলাৰ লগতে বস্ত্রমেলা, গ্রন্থমেলা, সমন্বয় শোভাযাত্রা, থলুৱা খেল-ধেমালি আৰু কৃষিমেলা অনুষ্ঠিত হ'ব। বিশেষকৈ মহোৎসৱ এইবাৰ বস্ত্ৰ আৰু বাণিজ্য মেলাত বহিৰাজ্য ব্যৱসায়ী সকলে অংশগ্ৰহণ কৰিব ৷

তিনিদিনীয়াকৈ অনুষ্ঠিত  হ’বলগীয়া  চৰাইদেউ মহোৎসব অন্তিম দিনা কাৰ্যসূচীত চুবুৰীয়া ৰাজ্য  নাগালেণ্ডৰ  মুখ্যমন্ত্ৰীকে ধৰি অৰুণাচলৰ সাংসদে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ অসম চৰকাৰৰ পৰ্যটন বিভাগ আৰু চৰাইদেউবাসী উদ্যোগত আয়োজিত মহোৎসৱ সকলো কাৰ্যসূচীত সাফল্যমণ্ডিত কৰি তোলা ক্ষেত্ৰত স্থানীয় ৰাইজে আশাব্যঞ্জক সহাৰি জনোৱা লগতে মহোৎসৱস্থলী সুন্দৰকৈ সজাইপৰাই তুলিছে৷

কাৰ্যসূচী অনুসৰি প্ৰথম দিনা  পুৱা মহোৎসৱৰ মূল তোৰণ উন্মোচন কৰিব চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাসপাটোৱাৰীয়ে। ইয়াৰ পাছত মূল পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি বিধায়ক ধর্মেশ্বৰ কোঁৱৰে। ইয়াৰ পাছত স্মৃতি তৰ্পণ , স্বৰ্গদেউ সকললৈ শ্রদ্ধাঞ্জলি অর্পণ আৰু বান-ফি পূজা আৰম্ভ হ'ব। দুপৰীয়া গ্রন্থমেলা আৰু বিপনী,  পৰম্পৰাগত জনগোষ্ঠীয় খাদ্য মেলা উদ্বোধন হব। দুপৰীয়া সাংসদ তপন কুমাৰ গগৈয়ে মহোৎসৱৰ মঞ্চ শুভ উদ্বোধন কৰাৰ পাছত শুভ উদ্বোধনী অনুষ্ঠান উদ্বোধন কৰিব শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্রম যাদবে।

সন্ধিয়া স্বর্গদেউ চাওলুং ছ্যুকাফাৰ সমাধিস্থলীত ১০১ গচি বস্তি প্রজ্বলন কৰাৰ পাছত "চে-ৰাই-ডয়" শীৰ্ষক তথ্যচিত্র প্রদর্শনৰ বাবে উন্মোচন কৰিব অসম প্রত্নতত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড০ দিপীৰেখা কুলীয়ে। সন্ধিয়া স্থানীয় আৰু জিলাৰ শিল্পীসকলৰ দ্বাৰা  সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। মহোৎসৱৰ দ্বিতীয় দিনা পুৱা সমূহীয়া মাৰাথান দৌৰ,পৰিৱেশ নিকাকৰণ আৰু দিনৰ দহ বজাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্রাঙ্কণ আৰু ৰচনা প্রতিযোগিতা অনুষ্ঠিত হ'ব। দিনৰ ১২ বজাত পৰম্পৰাগত খেল-ধেমালীৰ প্রতিযোগিতা, টাইকোৱানড' প্রতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়া টাই জাতীয় সাজপাৰ প্ৰদৰ্শন আৰু স্বৰ্গদেউ সকলৰ উপাসনাস্থলী ঐতিহাসিক লাংকুৰি দেওশালত ১০১ গচি বন্তি প্রজ্বলন কৰা হ'ব।

ইয়াৰ পাছত বঁটা বিতৰণী আৰু মুকলি সভাত কেবাগৰাকী শিক্ষাবিদ, সমাজকৰ্মী আৰু প্ৰায়কেইটা জাতীয় দল সংগঠনৰ কেন্দ্ৰীয় নেতৃবৰ্গ উপস্থিত থাকিব। সন্ধিয়া এক সম্বৰ্ধনা অনুষ্ঠান আৰু "চে-ৰাই-ডয়" শীৰ্ষক তথ্যচিত্র প্রদর্শনৰ পাছত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব এন ডি ২৪ চেনেলৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাই।

মহোৎসৱৰ অন্তিম দিনা পুৱা সমূহীয়া চাফাই অভিযান, গছপুলি ৰোপনৰ পাছত দিনৰ ১১ বজাত এক সাংস্কৃতিক শোভাযাত্রা বাহিৰ হ'ব। এই শোভাযাত্ৰা উদ্বোধন কৰিব  বিশিষ্ট অভিনেতা নয়ন নিলীমে। দিনৰ ১ বজাত উদযাপন সমিতিৰ সভাপতি তথা সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত হ'ব মুকলি সভা।  ইয়াত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা, নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ' আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই সভাখনিত গ্ৰন্থ উন্মোচন কৰিব। সভাত বিশিষ্ট অতিথি হিচাপে মন্ত্ৰী ক্ৰমে পীযূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিমল বড়াসহ কেবাগৰাকী মন্ত্ৰী, সাংসদ, বুৰঞ্জীবিদ উপস্থিত থাকিব। সভাখনত আমন্ত্ৰিত অতিথি হিচাপে কেবাগৰাকী বিধায়ক, অসম চৰকাৰৰ মুখ্য সচিব, কেবাটাও বিভাগৰ অধ্যক্ষ, বিশিষ্ট ব্যৱসায়ী আৰু একাধিক নগা জনগোষ্ঠীয় সংগঠনৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকিব। সন্ধিয়া মৈদাম ক্ষেত্রত ১০১ গচি বন্তি প্রজ্বলন, বিশেষ সম্বর্ধনা অনুষ্ঠানৰ পাছতে আমন্ত্রিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।

কাইলৈ পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ ২০২৪
ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয় নিৰ্মাণত ঠিকাদাৰৰ মইমতালি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in