
ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি তেলিজানস্থিত মৌ-মাৰী পৰ্যটন কেন্দ্ৰত শনিবাৰে এদিনীয়াকৈ অনুষ্ঠিত কৰা বৰশী বোৱা প্ৰতিযোগিতাৰ সফল সামৰণি পৰে ৷ অসমৰ বিভিন্ন জিলাৰ লগতে কলকাতাৰ বহু কেইগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত মুঠ দুই শতাধিক প্ৰতিযোগীয়ে অংশ লয় ৷
প্ৰায় ৬৫ বিঘা জল কালি দৈঘ্যৰ ধেমাজি মৌ-মাৰী পৰিবেশ পৰ্য্যটন কেন্দ্ৰত প্ৰতিযোগিতা চাবলৈ ভিৰ কৰা ৰাইজৰ উপস্থিতি দৃশ্যই সকলোকে আৰ্কষিত কৰে ৷ পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰা বৰশী বোৱা প্ৰতিযোগিতাখনিত খেল পৰিচালনা সমিতিয়ে মুঠ ২৫ টা পুৰস্কাৰ প্ৰদান আগবঢ়াইছিল ৷
ইয়াৰে প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ দুটি লাভ কৰে কলকাতাৰ অমৃত কুমাৰ শৰ্মাই ৷ তৃতীয় শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ ৰাকেশ সিঙে, চতুৰ্থ শিৱসাগৰ জিলাৰ নিতাইপুখুৰী ভাস্কৰ চেতিয়াই , পঞ্চমটো শিৱসাগৰ জিলাৰ ডিমৌ ৰাজীৱ হাজৰিকা ,ষষ্ঠটো ডিব্ৰুগড় জিলাৰ বিষ্ণু প্ৰসাদ সোনোৱাল , সপ্তমটো গোলাঘাট জিলাৰ জেমছ,অষ্টমটো নিতু , নৱম গোলাঘাট জিলাৰ লাটু ,দশমটো লখিমপুৰ জিলাৰ বান্দদোৱাৰ উইলচন,পিছতেই ক্ৰমে ডিমৌৰ প্ৰাঞ্জল গগৈ ,মৰানৰ দেৱজিৎ গগৈ ,গুৱাহাটীৰ প্ৰবীৰ , পশ্চিম বংগৰ জিয়াউল হক ,বাস্কাৰ চঞ্চল বৈশ্য , শিৱসাগৰ ৰিতু ফুকন ,ডিব্ৰুগড়ৰ ৱাচিম আলি ,টেঙাখাটৰ জয় গগৈ ,শিৱসাগৰ উজ্জ্বল খনিকৰ ,ডিব্ৰুগড় দিপক চৰকাৰ ,ডিমৌ প্ৰাঞ্জল গগৈ আৰু ডিফুৰ টংকুৰ কৰমচা ধৰি ২৫ গৰাকীয়ে পুৰস্কাৰ লাভ কৰে ৷
বিয়লি ৫ মান মান পৰিবেশ পৰ্য্যটন কেন্দ্ৰতে অনুষ্ঠিত কৰা মুকলি সভাতেই বিজয়ী প্ৰতিযোগী সকলে খেলপৰিচালনা সমিতিৰ সভাপতি ভাস্কৰ সন্দিকৈ ,মুখ্য উপদেষ্টা নিপ কোৱঁৰ ,উপ-সভাপতি ধনী গগৈ ,সম্পাদক দুৰ্লভ বাইলুং , সদস্য ক্ৰমে নৱ বৰা ,দেবু গগৈ আৰু কৌশিক বৰদলৈৰ পৰা পুৰস্কাৰ সমহ গ্ৰহণ কৰে ৷