ধেমাজিত ১ কোটি ১০ লাখ টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য নিষ্কাশন...

আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে ধেমাজিৰ তুলশীবাৰী আৰক্ষী চাউনীত সোমবাৰে নিচাযুক্ত দ্ৰব্য নিষ্কাশন

author-image
Asomiya Pratidin
New Update
ধেমাজিত ১ কোটি ১০ লাখ টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য নিষ্কাশন...

ডিজিটেল সংবাদ, ধেমাজি : আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে ধেমাজিৰ তুলশীবাৰী আৰক্ষী চাউনীত সোমবাৰে বিয়লি ২.৩০ বজাত আৰক্ষী আৰু নিচাযুক্ত দ্ৰব্য নিষ্কাশন সমিতিৰ সদস্যসকলৰ উপস্থিতত প্ৰায় ১ কোটি ১০ লাখ টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য সামগ্ৰী নিষ্কাশন কৰা হয় ৷

সমিতিৰ সদস্যসকলৰ উপস্থিতত ধেমাজি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰৱ আগৰৱালাই জনোৱা তথ্য মতে চলিত বৰ্ষটোৰ মুঠ ৫৯ টা গোচৰত ৬৪.২৪৪ কেজি ওজনৰ গাঞ্জা, ৬৭২ গ্ৰাম ওজনৰ হিৰোইন, ৬৭১ গ্ৰাম ওজনৰ ব্ৰাউন চুগাৰ আৰু ১.৩৫৮ গ্ৰাম ওজনৰ কাণি জব্দ কৰা হৈছিল। উক্ত নিচাযুক্ত সামগ্ৰীখিনি আজি নিষ্কাশন কৰা হয় ৷

Also Read: নগাঁও জিলা প্ৰশাসনে দাহন কৰিলে ৬ কোটি ৫০ লাখ টকাৰ ড্ৰাগছ...

Assam police