ধেমাজি জিলা অনুসূচিত জাতি পৰিষদৰ সভা সম্পন্ন...

নতুন জিলা সমিতিৰ শপতবাক্য পাঠ

author-image
Asomiya Pratidin
New Update
ধেমাজি জিলা অনুসূচিত জাতি পৰিষদৰ সভা সম্পন্ন...

ধেমাজি জিলা অনুসূচিত জাতি পৰিষদৰ সভা সম্পন্ন...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলা অনুসূচিত জাতি পৰিষদৰ তদৰ্থ সমিতিখনৰ দায়িত্বভাৰ গ্ৰহণৰ সম্পৰ্কে যোৱা দেওবাৰে ধেমাজি বি.আৰ. আম্বেদকাৰ ভৱনত এখনি সভা অনুষ্ঠিত হয়। সমিতিৰ সভাপতি অতুল চন্দ্ৰ দাসে পৰিচালনা কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সমিতিৰ সম্পাদক নৰেন্দ্ৰ হাজৰিকাই৷

সভাত জিলাখনৰ অনুসূচিত জাতি লোকসকলৰ সমস্যাসমূহৰ সম্পৰ্কে বক্তব্য ৰাখে অসম অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দিপাংক হাজৰিকা আৰু কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰশান্ত হাজৰিকাই৷

সভাত ধেমাজি, লখিমপুৰ, ঢকুৱাখানা আৰু জোনাইৰ জিলা সমিতিৰ ক্ৰমে ললিত দাস, লালমোহন মণ্ডল, তনুৰাম দাস,নবল শংকৰ শইকীয়া,মনিকান্ত দাস, লাচিত দাস, সৰ্বানন্দ দাস, ডাঃ ৰঞ্জিত বিশ্বাস, ৰঞ্জিত দাসকে ধৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তি আৰু ৰাইজে উপস্থিত থাকে ৷ এই সভাতেই জিলা সমিতিৰ ৩১ জনীয়া বিষয়ববীয়া আৰু সদস্য/সদস্যা সকলক কেন্দ্ৰীয় সমিতিয়ে শপত বাক্য পাঠ কৰায়৷

Also Read: বিজেপি, অগপ, ইউ পি পি এলে একেলগে চলাব নিৰ্বাচনী প্ৰচাৰ...

অনুসূচিত জাতি পৰিষদ