বিজেপি, অগপ, ইউ পি পি এলে একেলগে চলাব নিৰ্বাচনী প্ৰচাৰ...

বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বৈঠক সম্পন্ন

author-image
Asomiya Pratidin
New Update
বিজেপি, অগপ, ইউ পি পি এলে একেলগে চলাব নিৰ্বাচনী প্ৰচাৰ...

বিজেপি, অগপ, ইউ পি পি এলে একেলগে চলাব নিৰ্বাচনী প্ৰচাৰ...

ডিজিটেল ডেস্কঃ সোমবাৰে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সম্পন্ন হৈ যায় বিজেপি আৰু অগপৰ এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক নিৰ্বাচন কেন্দ্ৰীক বৈঠক। এই বৈঠকতে আগন্তুক নিৰ্বাচনৰ প্ৰচাৰৰ সন্দৰ্ভত দল দুটাৰ মাজত আলোচনা সম্পন্ন হয়।

Advertisment

এই বৈঠকত বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আদি উপস্থিত থাকে।

বৈঠকৰ অন্তত এক সংবাদ মেল সম্বোধন কৰি ভৱেশ কলিতাই মিত্ৰদলৰ সৈতে একেলগে প্ৰচাৰ কৰাৰ কথা ঘোষণা কৰে। ১৪ টা লোকসভা সমষ্টিতে দল দুটাই একেলগে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব বুলি কোৱাৰ লগতে অসমবাসীয়ে তেওঁলোকক আশীৰ্বাদ দিব বুলিও কয়।

আনহাতে অতুল বৰাই এই সন্দৰ্ভত এক্স (পূৰ্বৰ টুইটাৰ)ত বৈঠকৰ সবিশেষ উল্লেখ কৰিছে।

লোকসভা বিজেপি অগপ