ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, সজাগতা সভা সম্পন্ন...

ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, সজাগতা সভা সম্পন্ন...

author-image
Asomiya Pratidin
New Update
ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, সজাগতা সভা সম্পন্ন...

ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, সজাগতা সভা সম্পন্ন...

ডিজিটেল সংবাদ ধেমাজি: সমাজৰ অতন্দ্ৰ প্ৰহৰীস্বৰূপ সাংবাদিকসকল কেৱল সংবাদ সংগ্ৰহ আৰু প্ৰেৰণতে ব্যস্ত থকাৰ সামান্তৰালভাৱে বিভিন্ন সময়ত ৰাজহুৱা স্বাৰ্থজড়িত অথবা জনহিতকৰ কাম কৰি আহিছে ৷ তাৰ অংশ হিচাপে ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত আৰু পশ্চিম ধেমাজি শাখা সাহিত্য সভাৰ লগতে ধেমাজি জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সহযোগত বৃহস্পতিবাৰে বৃহত্তৰ পশ্চিম ধেমাজি অঞ্চলৰ ঘূগুহা উচ্চ মাধ্যমিক বিদ্যালয়ত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু সজাগত সভা অনুষ্ঠিত হৈ যায় ৷

Advertisment

এই উপলক্ষে পুৱা ১১ বজাত ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰে পৰিচালনা কৰা সভাৰ আঁত ধৰে ধেমাজি জিলা সাংবাদিক সংস্হাৰ সম্পাদক জীৱন কোঁৱৰে ৷ বৃহত্তৰ অঞ্চলটোৰ ভিতৰুৱা গাঁৱৰ শোচনীয় যাতায়াত ব্যৱস্থা, যান-বাহনৰ ভাড়া বৃদ্ধি, দূৰত্ব আদি কেতবোৰ কাৰণত গ্ৰামাঞ্চলৰ ৰাইজে উপযুক্ত সুবিধা নোপোৱাৰ অভিযোগৰ ভিত্তিতে এনে কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ৷

এই বিনামূলীয়া স্বাস্থ্য শিবিৰ উদ্বোধন কৰে ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সৌৰভ কুমাৰ গগৈয়ে ৷ ভাষণত তেখেতে স্বাস্থ্যৰ যতন আৰু বতৰ্মান সময়ত হোৱা অসুখৰ বিষয়ে উল্লেখ কৰে ৷

ধেমাজি মহকুমা স্বাস্থ্য বিষয়া ডাঃ যোগেন দাসে সজাগতা সভাত ধঁপাত ব্যৱহাৰৰ অপকাৰিতা আৰু গৰমকালি হোৱা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত আলোকপাত কৰে ৷ সভাত ধেমাজিৰ জ্যেষ্ঠ চিকিৎসক ডাঃ লক্ষ্য কুমাৰ সন্দিকৈ, মেডিচিন বিশেষজ্ঞ ডাঃ নয়নমনি দত্ত, চিকিৎসক ডাঃ অমৃত পেগু, ডাঃ অন্বেষা দেউৰী, ডাঃ নবীন কলিতা, ডাঃ দীপশিখা বৰা, ডাঃ আচল কুম্বাং আদিয়ে অংশগ্ৰহণ কৰি বৃহত্তৰ পশ্চিম ধেমাজি অঞ্চলৰ ডেৰ শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ বিতৰন কৰে।

শিবিৰত ঘূগুহা গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰিংকুমণি গোহাঁই, ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, ঘূগুহা হাইস্কুলৰ প্ৰধান শিক্ষক ৰবীন্দ্ৰ বৰুৱা, জ্যেষ্ঠ সাংবাদিক প্ৰদুম্ন্য ভৰালী, মন বিকাশ বৰগোহাঁই, পৱন বৰুৱা, শুভ চুতীয়া আদি কেইবাগৰাকীও জিলা সাংবাদিক সংস্থাৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷ পশ্চিম ধেমাজি শাখা সাহিত্য সম্পাদক ড° অচ্যুৎ গগৈয়ে অতিথিসকলক আদৰণি জনোৱাৰ লগতে ভিতৰোৱা এই পিছপৰা অঞ্চলত এনে পদক্ষেপ লোৱা বাবে সকলোকে ধন্যবাদ জনায়৷

Also Read: ভাৰত-ভূটান সীমান্তত ভয়াৱহ বান পৰিস্থিতিঃ অৰ্ধশতাধিক গাওঁ বানৰ কৱলত

স্বাস্থ্য