ভাৰত-ভূটান সীমান্তত ভয়াৱহ বান পৰিস্থিতিঃ অৰ্ধশতাধিক গাওঁ বানৰ কৱলত

ভাৰত-ভূটান সীমান্তত ভয়াৱহ বান পৰিস্থিতিঃ অৰ্ধশতাধিক গাওঁ বানৰ কৱলত

author-image
Asomiya Pratidin
New Update
ভাৰত-ভূটান সীমান্তত ভয়াৱহ বান পৰিস্থিতিঃ অৰ্ধশতাধিক গাওঁ বানৰ কৱলত

ভাৰত-ভূটান সীমান্তত ভয়াৱহ বান পৰিস্থিতিঃ অৰ্ধশতাধিক গাওঁ বানৰ কৱলত

ডিজিটেল সংবাদ চিৰাং: চুবুৰীয়া ৰাষ্ট্ৰ ভূটান পাহাৰৰ পৰা নামি অহা বাঢ়নী পানীয়ে আজি ৰুণীখাতাৰ পৰা লাইমুথি গাঁৱৰ সংযোগী পথৰ চাম্পুৰ নৈৰ ওপৰত থকা কাঠৰ দলংখন ভাঙি পেলাই । উক্ত এলেকাৰ যাতায়াতৰ একমাত্ৰ কাঠৰ দলংখন ভাগি যোৱাৰ ফলত এলেকাৰ বাসিন্দাসকলৰ যাতায়াতৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে।

Advertisment

উপায়বিহীন ৰাইজে বিপদসংকুলভাৱে উক্ত ভঙা দলঙেৰেই যাতায়াত কৰিব লগা হৈছে। আজি স্থানীয় এমচিএলএ তথা বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী উক্ত এলেকাত গৈ ক্ষয়ক্ষতিৰ বুজ লয় আৰু যিমান সম্ভৱ অতি সোনকালে ৰাইজৰ যাতায়াতৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত ক্ষতিগ্রস্থ কাঠৰ দলংখন মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

ইপিনে চিৰাঙৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা ফৰেষ্ট ৰেঞ্জৰ লাওখ্ৰীগুৰী গাঁৱত ভূটান পাহাৰৰ পৰা নামি অহা নিজলা নৈৰ বাঢ়নী পানীয়ে বানপানীৰ সৃষ্টি কৰে। উক্ত বানপানীৰ ফলত লাওখ্ৰীগুৰী গাঁৱৰ ৬০ টা পৰিয়াল বৰ্তমান আশ্ৰয় শিৱিৰত থাকিব লগা হৈছে।

ইউপিপিএল দলৰ ১০ দুৱাৰ ব্লক সমিতিৰ সভাপতি বীৰদাও মুছাহাৰী আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰি যিমান সম্ভৱ জিলা প্ৰশাসনৰ পৰা বানাক্ৰান্ত লোকসকলক পৰ্য্যাপ্ত পৰিমাণৰ ত্ৰাণ সামগ্ৰী যোগান ধৰিবলৈ অনুৰোধ জনায়। ইপিনে ৰাতিপুৱাৰ পৰা ভাৰত-ভূটান সীমান্তৰ আই, লালাই, মাক্ৰা, নাঙলভাঙা আদি নৈৰ জলস্তৰ ক্ৰমশঃ বৃদ্ধি পোৱাৰ ফলত নাঙলভাঙা, মাদাৰপুৰ, শিশুবাৰী, নেপালপাৰা আদি গাঁও বহিঃবিশ্বৰ সৈতে বিছিন্ন হৈ পৰে ।

কাৰণ জিলাখনৰ নৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ পৰা নাও চলাচল নিষিদ্ধ ঘোষিত কৰিছে । যাৰ কাৰণে এতিয়া জিলা প্ৰশাসনৰ পৰা উক্ত বানাক্ৰান্ত এলেকাত ত্ৰাণ সামগ্ৰী যোগান ধৰিব পৰা নাই বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । এই পৰিস্থিতিত জিলা প্ৰশাসনৰ পৰা বিকল্প ব্যৱস্থাৰে সাহায্য যোগান ধৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজে ।

Also Read: চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীত নিজলা নৈৰ ভয়ংকৰ ৰূপ...

বানপানী চিৰাং