/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/3d12cd76-6cd8-4b53-b2f6-c53ad0699d7d/gorkha.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ : অসম-অৰুণাচল সীমা বিবাদ চিলাপথাৰৰ দাঁতিকাষৰীয়া সীমান্তবাসী ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যা । অসম-অৰুণাচল সীমা সমস্যা সন্দৰ্ভত দুয়ো ৰাজ্যৰ মাজত হোৱা নামচাই চুক্তিৰ পিছত শংকিত হৈ পৰিছে সীমান্তবাসী ৰাইজ । লিকাবালিৰ সীমান্ত অঞ্চলত বসবাস কৰি অহা জীপু, ঘগৰা, আলিকাষ আদিকে ধৰি বহুকেইখন গাঁৱৰ অসমীয়া ৰাইজে শঙ্কাত দিন অতিবাহিত কৰিছে ।
সীমা সমস্যা সন্দৰ্ভত আজি ধেমাজি জিলা গোর্খা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৰ্ডাৰ ৱেলফেয়াৰ এছ'চিয়েশ্যন আৰু গোর্খা ছাত্ৰ সন্থাৰ মালিনীপুৰ আঞ্চলিক সমিতিৰ সহযোগত ঘগৰা খেলপথাৰত বুধবাৰে এখন বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । গোর্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সম্পাদক দিলীপ খনালে সঞ্চালনা কৰা গণ সমাৱেশত খনত গোর্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মোহন বিশ্বকৰ্মা, ধেমাজি জিলাৰ সভাপতি সমৰাজ পুৰীকে ধৰি জিলা সমিতিৰ বিষয়ববীয়াসকল, জিলাখনৰ অধীনৰ ১৬ খন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল, সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ জিলা সম্পাদক চন্দন কছাৰী, বৰ্মন ছাত্ৰ সন্থাৰ জিলা বিষয়ববীয়াসকলৰ উপৰিও দুই সহস্ৰাধিক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে ।
আজিৰ সভাই গ্ৰহণ কৰা প্ৰস্তাৱ সহ গোর্খা ছাত্ৰ সন্থাই সীমান্তৰ দায়িত্বত থকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক লগ ধৰিব । ইয়াৰ পিছতো সীমান্তবাসী ৰাইজৰ সমস্যা সমাধানৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সংগঠনটোৱে ।
আৰু পঢ়ক : এ আই ইউ ডি এফ বিজেপিৰ বি টিম-গৌৰৱ গগৈ