এ আই ইউ ডি এফ বিজেপিৰ বি টিম-গৌৰৱ গগৈ

এ আই ইউ ডি এফ বিজেপিৰ বি টিম-গৌৰৱ গগৈ

ডিজিটেল সংবাদ, কাজিৰঙা : মোদী চৰকাৰৰ দিনত ভাল দিন আহিল আদানীৰ ৷ বিপৰীতে জনসাধাৰণে মূল্য বৃদ্ধিৰ জলাকলা খাব লগিয়া হ’ল ৷ কাজিৰঙাত চৌকা বিতৰণৰ এক অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ৷

আনহাতে আগন্তুক লোক সভা নিৰ্বাচনত এ আই ইউ ডি এফক বাদ দি সকলো বিৰোধী দল একত্ৰিত হোৱাৰ পোষকতা কৰি সাংসদ গৰাকীয়ে এ আই ইউ ডি এফক বিজেপিৰ বি টিম বুলি আখ্যা দিয়ে ৷ লগতে তেওঁ উল্লেখ কৰে যে এই ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰিব কংগ্ৰেছে ৷

কলিয়াবৰত কংগ্ৰেছৰ জয় নিশ্চিত বুলি মন্তব্য কৰি লগতে তেওঁ কয় যে এই ক্ষেত্ৰত এ আই ইউ ডি এফৰ কোনো প্ৰভাৱ নপৰে ৷ আগন্তুক লোকসভা নিৰ্বাচনত এ আই চি চি ক এ পি চি চি য়ে নটা চিট উপহাৰ দিব ৷ বুঢ়াচাপৰিত উচ্ছেদৰ ক্ষেত্ৰত আইন একাষৰীয়া কৰি মানবীয়তাৰ দৃষ্টিৰে চাবলৈ চৰকাৰক আহ্বান জনাই সাংসদ গৰাকীয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in