/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/bb261078-af2e-4c92-b2a9-50c582948810/321.jpg)
ডিজিটেল সংবাদ,ধেমাজি : ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বুধবাৰে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধেমাজি কাছাৰী ময়দানৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে। আজি পুৱা ১১-০০ বজাৰ পৰা বিয়লি ১ বজালৈকে দুঘণ্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/a6b4fd1b-7a42-4b87-92c9-541460b5a974/c976d722-6d09-49c6-993f-4aa506ddc7d9.jpg)
সংগঠনটোৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰি অসম চৰকাৰ হায় হায়,মখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায় ,মূল্যবৃদ্ধি ৰোধ কৰক,বিজেপি চৰকাৰৰ হায় হায়,যোগান বিভাগ কাম নাই আদি ভিন্ন ভিন্ন শ্ল’গানে উত্তাল কৰি তোলে ৷ সংগঠনটোৱে জীৱনদায়িনী ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি অতিশীঘ্ৰে হ্ৰাস কৰাৰ লগতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰক এখন পৰ্যবেক্ষণ সমিতি গঠন কৰাৰ দাবী তোলে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/35bd8267-278e-4ce2-932d-c6a6fbb32f95/30a0647f-da09-4eea-b45b-543c3f83abc0.jpg)
ইয়াৰ পিছতেই সমিতিৰ সভাপতিদ্বয় ভৱেন শালৈ আৰু যদুমনি গগৈ কাৰ্য্যকৰী সভাপতিদ্বয় মঃ বাবলি আহমেদ আৰু হেম পেগু তথা যুটীয়া সম্পাদক দূৰ্গা বৰা আৰু নাৰায়ন বৰাৰ স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ ধেমাজি আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷