/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/4cbb8db4-1117-4810-a281-2768095ca22b/320.jpg)
ডিজিটেল ডেস্ক : চিৰাং জিলাৰ অন্তৰ্গত বিজনী এলেকাত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্ছৰ অভিযানত জব্দ বুজন পৰিমাণৰ জালনোট। বিশেষ সূত্ৰৰ পম খেদি বুধবাৰে এছ টি এফে অঞ্চলটোৰ ২নং চাৰাগাঁৱৰ বাসিন্দা বাহাৰুল ইচলামৰ বাসগৃহত অভিযান চলাই জব্দ কৰে জালনোটসহ আপত্তিজনক সামগ্ৰী।
বাহাৰুল ইচলামৰ উপৰি উক্ত ঘটনাৰ লগত জৰিত থকাৰ অভিযোগত আন দুগৰাকী লোককো আৰক্ষীয়ে আটক কৰে। তেঁওলোক হৈছে- দুলাল আলী (৪৪), আজিজুৰ ৰহমান(২৯)।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/cf8ac8d6-11a6-4520-9c82-4513df800ed2/61777b92-857a-4366-b502-426d69d508a8.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে আৰক্ষীয়ে আটক কৰা ধৃত বাহাৰুলৰ বাসগৃহৰ পৰা ১৮হাজাৰ টকা জালনোট উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি উক্ত অভিযানত ৩৬খন ৫০০ টকীয়া জালনোটৰ লগতে ৮বাণ্ডিল বগা কাগজ, জালনোট তৈয়াৰ কৰা প্ৰিণ্টিং মেচিন এটা, ৪টা মোবাইল ফোন, এক বাণ্ডিল A4 চাইজ পেপাৰ আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/80134005-6387-43c2-9abc-3446c8e15927/3f1b133b-2fa2-4352-bebc-ce094147a981.jpg)
জব্দকৃত বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে- এ এছ ০১ বি এক্স ৫৫০৪। ইফালে আৰক্ষীয়ে জনোৱা মতে, ধৃত লোককেইজনৰ ঠিকনা হ’ল- বাহাৰুল ইচলাম আৰু দুলাল আলীৰ ঘৰ চিৰাং জিলাৰ ২নং চাৰাগাঁৱত। আনহাতে আজিজুৰৰ ঘৰ একেখন জিলাৰে বিজনী থানাৰ অন্তৰ্গত বাগৰাগাঁৱত।
Also Read: নগাঁও জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ বিশেষ তত্বাৱধায়ক বিষয়াৰ বিয়োগ