"পথাৰ আমাৰ বজাৰ আমাৰ" বাক্যক সাৰোগত পীতাম্বৰ শইকীয়াৰ

"পথাৰ আমাৰ বজাৰ আমাৰ" বাক্যক সাৰোগত পীতাম্বৰ শইকীয়াৰ

ডিজিটেল সংবাদ, উৰিয়া গাঁওঃ "এন্ধাৰ হব নোৱাৰো, মচি দিব নোখোজো"-জুবিন গাৰ্গৰ এই কালজয়ী গীতেৰে দেওবাৰে দিবাঙ্গ শিল্পী দিগন্ত নাথে শুভাৰম্ভ কৰে এখন ধাবা। নগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ সমীপৰ মাজপোতনী দ' ঘাটত শুভাৰম্ভ হোৱা পিনাকপানি ৰিজৰ্ট এণ্ড ফেমিলি ধাবাৰ এক অগতানুগতিক কাৰ্যসূচীত উপস্থিত থাকে বঢ়মপুৰৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল।

বিশেষকৈ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন এই অন্ধ বিদ্যালয়ে শৈক্ষিক দিশৰ লগতে সামাজিক, সাংস্কৃতিক দিশত সমগ্ৰ অসমত এক সুকীয়া পৰিচয় দাঙি ধৰিছে। বঢ়মপুৰৰ নিকটৱৰ্তী মাজপোতনীত নতুনকৈ স্থাপন হোৱা ধাবাত স্বতাধিকাৰ পীতাম্বৰ শইকীয়াৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হয়হি বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ শিল্পীৰ দলটো।শিল্পী দিগন্ত নাথৰ উপৰি ৰূপজ্যোতি শইকীয়া আদিয়ে গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।

লগতে অনুষ্ঠানত পীতাম্বৰ শইকীয়াৰ সহধৰ্মিনী দুলুমণি শইকীয়াইও গীত পৰিবেশন কৰে। তেওঁলোকক বাদ্যত সংগত কৰে অৰুপ খুড়াল, ৰূপম বিশ্বাসে। ধাবাখনৰ স্বতাধিকাৰ পীতাম্বৰ শইকীয়াৰ পৰিয়ালটো শিল্প-সংস্কৃতিৰ লগত জড়িত হোৱাৰ হেতুকে নিজৰ সপোনৰ ধাবাখনৰ শুভ উদ্বোধনৰ সময়ত অন্ধ শিল্পীসকলক আমন্ত্ৰণ কৰি গীত পৰিবেশন কৰাৰ সুবিধা কৰি দিয়ে। উল্লেখযোগ্য যে, ১৯৬৩ চনত নগাঁও জিলাৰ ভোটাই গাঁৱত জন্ম গ্ৰহণ কৰা পীতাম্বৰ শইকীয়া ৰাজনীতিৰ লগত জড়িত আছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগত অতি ঘনিষ্ঠ পীতাম্বৰ শইকীয়া ৰাজনৈতিক ক্ষেত্ৰখন এটা সময়ত দপদপাই আছিল।

অসম আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰি জেলৰ ভাত খাব লগা হোৱা পীতাম্বৰ শইকীয়াই এতিয়া জীৱনৰ অন্তিম সময়খিনিত ধাবাখনৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰাৰ প্ৰয়াস কৰিছে। নিজৰ লগতে পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ পীনাকপানী ৰিজৰ্ট এণ্ড ফেমিলি ধাবাখনেই যেন একমাত্ৰ সম্বল। এসময়ত অসম আন্দোলনত বলিষ্ঠ ভূমিকা পালন কৰাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ছাত্ৰ সন্থাৰ সভাপতি থাকোতে উপ সভাপতি আছিল পিতাম্বৰ শইকীয়া। ইয়াৰ উপৰিও তেওঁ ২০০৬ চনত অসম গণ পৰিষদ দলৰ পৰা বঢ়মপুৰ সমষ্টিত নিৰ্বাচনত অৱৰ্তীণ হৈছিল। কিন্তু শক্তিশালী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ হাতত পৰাজিত হৈছিল তেওঁ।

অসম গণ পৰিষদৰ প্ৰতিষ্ঠাৰ লগত জড়িত শইকীয়াই পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰিছিল যদিও দলটোত নিজৰ স্থিতি সুৰক্ষিত কৰিবলৈ সক্ষম নহ'ল।শেহতীয়াকৈ তেওঁ নিজকে আৰ্থিক দিশত স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে বঢ়মপুৰৰ মাজপোটনিত আৰম্ভ কৰিছে এই ধাবা। পথাৰ আমাৰ বজাৰ আমাৰ শ্ল'গানক সাৰোগত কৰি এইজন অসম আন্দোলনৰ নেতাই ৰাইজক দেখুৱাইছে এক নিদৰ্শন।

পুখুৰীত মাছ পুহি সেই মাছৰ পৰা উপাৰ্জন বৃদ্ধি কৰা লক্ষ্যৰে আৰু তেওঁ ধাবালৈ অহা পৰিয়ালসমূহে পুখুৰীৰ পাৰে পাৰে ঘূৰি প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকিব পৰা এক পৰিৱেশ গঢ়ি তুলিছে। ধাবাখনৰ শুভ উদ্ধোধনী তথা ব্যতিক্ৰমী সাংস্কৃতিক অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট নাট্যকৰ্মী কমলেশ শইকীয়াই। অনুষ্ঠানৰ আৰম্ভণিতে ধাবাখনৰ ফিটা কাটি শুভ উদ্বোধন কৰে দিবাঙ্গ শিল্পী দিগন্ত নাথে।

"পথাৰ আমাৰ বজাৰ আমাৰ" বাক্যক সাৰোগত পীতাম্বৰ শইকীয়াৰ
ধর্ষণকাৰী পিতৃক গ্ৰেপ্তাৰৰ দাবীঃ মহিলা সুৰক্ষা ঐক্য মঞ্চৰ প্ৰতিবাদী ৰেলী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in