/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e282aa46-d6d9-4424-9fee-c2ee02faf2b0/235.jpg)
ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু ধেমাজিবাসী ৰাইজৰ সহযোগত ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত দেওবাৰে ৩৫ সংখ্যক ধেমাজি জিলা দিৱস উদযাপন কৰা হয়। সপ্তাহজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা জিলা দিৱসৰ দেওবাৰে মুকলি সভাৰে জিলা দিৱস সামৰণি পৰে ৷
দেওবাৰে পুৱা মহিলাসকলৰ চাইকেল ৰেলী, বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত জিলাৰ শ্বহীদসকলৰ স্মৃতিতৰ্পন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ড° ৰনোজ পেগুয়ে । ইয়াৰ পাছতেই ৩৫ খনকৈ ধেমাজি জিলাৰ মানচিত্ৰ অংকিত পতাকা উত্তোলন কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ড° ৰনোজ পেগুৰ লগতে ধেমাজি জিলাৰ জিলা আয়ুক্ত অংকুৰ ভৰালী আৰু জিলাখনৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ, জ্যেষ্ঠ নাগৰিকে। মুক্তি যোদ্ধাসকলে বাকী ৩৫ খন পতাকা উত্তোলন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/75a04eb1-4f51-492a-96c8-4f521ad1811a/8914a693_a2f6_49eb_a7c2_b75c4374f7c0.jpg)
জাতীয় সংগীত পৰিবেশন আৰু ৩৫ গৰাকী নবীন-প্ৰবীণ শিল্পীৰ দ্বাৰা "ধেমাজি ধেমাজি" শীৰ্ষক এটি সমবেত সংগীতেৰে দেওবাৰে মুকলি সভাখন শুভাৰম্ভ কৰা হয়। সভাৰ আদৰণি ভাষণ দিয়ে জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ৷
ভাষণত তেওঁ যোৱা ২৩ তাৰিখৰ পৰাই চলি থকা বিভিন্ন কাৰ্যসূচী যেনে ৰক্তদান শিবিৰ, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, ৰচনা,বেডমিণ্টন,বক্তৃতা,কুইজ আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰি শনিবাৰে মিনি মাৰাথান দৌৰ,আৰু দেওবাৰে বাইচাইকেল ৰেলীৰ কথাও উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/84559a4e-bb21-4031-8b16-a1ce72cbe4b6/29a77bc2_8455_4006_9864_5efaec3143c7.jpg)
দেওবাৰে অনুষ্ঠিত হোৱা মুকলি সভাতে প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কৃত কৰা হয়। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰীড° ৰনোজ পেগুৱে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ধেমাজি জিলা দিৱসৰ ইতিহাস সন্দৰ্ভত বক্তব্য আগবঢ়ায়।
দিৱসত ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা প্ৰকাশিত আৰু জিলা অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকনৰ সম্পাদিত "ৰূপান্তৰ"নামৰ স্মৃতিগ্ৰন্থখন শিক্ষামন্ত্ৰীয়ে উন্মোচন কৰে।ধেমাজিৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শী দেখুওৱা বিশিষ্ট ব্যক্তিসকলকো এই সভাতে সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ee47e43a-2073-4ef4-9cc6-795f9935b6e0/acc48db5_9af5_4c4a_9751_395efb9ceaf1.jpg)
বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ যোগেদি উপস্থিত দৰ্শক আৰু শ্ৰুতা ৰাইজক আমোদ দিয়া হয়। সভাত মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ, ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভুঞা, ধেমাজি জিলাৰ উন্নয়ন আয়ুক্ত বিশ্বজিত ফুকন, অতিৰিক্ত আয়ুক্ত ক্ৰমে যাদৱ পেগু , বিশ্বজিৎ শইকীয়া , ঋতুপল্লৱ বৰুৱাকে ধৰি উচ্চপদস্থ প্ৰশাসনিক বিষয়া, কৰ্মচাৰী, বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া-কৰ্মচাৰীকে ধৰি স্থানীয় ৰাইজ উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/88652d16-3119-42e2-b362-d01e2d6660e0/286dceb8_dcd4_4867_b95a_583e96d323b7.jpg)
জিলা দিৱসৰ মুকলি সভাত বিভিন্ন দিশত পাৰদৰ্শিতা দেখোৱা বক্তিসকল ক্ৰমে শিক্ষা বিভাগত শতবৰ্ষ গৰকা যোগেন তামুলী,ৰাষ্ট্ৰীয় শিক্ষক বটাঁপাপক বিনীতা গাৰোদিয়া চৌধুৰী,সমাজসেৱাত দিলীপ গগৈ,জোনাইৰ ৰবি কুম্বাং, ক্ৰীড়াত ক্ষীৰোদ দিহিঙীয়া , প্ৰাক্তন সৈনিকত দ্বিপেন সোনোৱাল আৰু স্কাউট এণ্ড গাইডত দিব্য গগৈক সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ac6e2cb3-17e6-4c8f-b580-62633f0b3caf/3c19554a_8206_4eba_80e8_9f09a640a108.jpg)
আনহাতে জিলা গঠনৰ প্ৰক্ৰিয়াত আগভাগ লোৱা বক্তি শ্যাম সুন্দৰ গাৰোদিয়া আৰু ৰবি গগৈক সম্বৰ্ধনা জনায়।জ্যেষ্ঠ সাংবাদিক সাংবাদিক হিচাপে ধেমাজি প্ৰেছ ক্লাৱৰ সম্পাদক সাংবাদিক জিতু শইকীয়া আৰু জ্যেষ্ঠ সাংবাদিক পূৰ্ণ কান্ত চিন্তেক বিশেষভাৱে সম্বৰ্ধনা জনায় ৷
Also Read: আৰম্ভ হ’ল কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ নতুন পৰ্যটন বৰ্ষৰ কাৰ্যসূচী