/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/90dc9bf2-728f-49dc-8a1d-74e1a74331a3/mama.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ আজিৰে পৰা ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ পঞ্চদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় আৰু অষ্টম দ্বি-বাৰ্ষিক ধেমাজি জিলা অধিৱেশন। পুৱাৰে পৰা বৰ্ষাবিঘ্নিত পৰিৱেশৰ মাজতো বন্তি প্ৰজ্বলন,গছ পুলি ৰোপন,স্মৃতি তৰ্পন,পতাকা উত্তোলন,মূল ত্বৰণৰ লগতে বিভিন্ন কাৰ্যালয়ৰ দ্বাৰ উদ্বোধন কৰে।
উদ্যোক্তাই জনোৱা মতে, বৰাক- ব্ৰহ্মপুত্ৰ উপত্যকাৰ ২৬ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ইতিমধ্যে লক্ষাধিক লোকক আদৰিবলৈ সাজু চিলাপথাৰ।
অধিৱেশনত ডি ভোটাৰ সমস্যা,ডিটেনশ্যন কেম্পৰ সমস্যা সমাধান, স্বায়ত্ত শাসিত পৰিষদৰ দাবীৰ লগতে বিভিন্ন ৰাজনৈতিক সমস্যাৰ সন্দৰ্ভত গুৰুত্ব সহকাৰে আলোচনা কৰা হ'ব। অধিৱেশনৰ অন্তিম দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাজনো মন্ত্ৰী বিধায়ক,বিশিষ্ট সমাজকৰ্মী,বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতা অতিথি হিচাপে আমন্ত্ৰণ জনাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a2afdc8e-be76-4fbd-95fb-a33c8ec7c50c/6cda8d16_aca5_4157_a81b_e06cc70587a8.jpg)
অন্তিম দিনাৰ সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ,ইণ্ডিয়ান আইডলখ্যাত অৰুণীতা কাঞ্জিলাল,বাংলা চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰী স্ৰাৱন্তী চেটাৰ্জীৰ লগতে কেইবাজনো বিশিষ্ট শিল্পী উপস্থিত থাকিব বুলি জনায়।
Also Read: কোন, কোন সাংবাদিকৰ জেপত সোমাল ২০ কোটি?
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us