কোন, কোন সাংবাদিকৰ জেপত সোমাল ২০ কোটি?

কোন, কোন সাংবাদিকৰ জেপত সোমাল ২০ কোটি?

মৃদুল কুমাৰ সন্দিকৈ

আমি কোনোবাই দুৰ্নীতি কৰিলে বৰ বৰ আখৰেৰে, চোকা ভাষাৰে বাতৰি কৰো। কিন্তু সাংবাদিকে অনুৰূপ কাম কৰিলে সেই খবৰ দিবলৈ কুণ্ঠাবোধ বা সংশয়বোধ কৰো নেকি? সেই প্ৰশ্ন শেহতীয়াকৈ উত্থাপন হৈছে ডিএলএড কেলেংকাৰীক লৈ।

ডিএলএডৰ মুক্ত আৰু দূৰৱৰ্তী পাঠ্য়ক্ৰমৰ প্ৰশিক্ষণ তথা প্ৰমাণপত্ৰ প্ৰদানৰ নামত সংঘটিত হৈছিল ১০৫ কোটি টকাৰ কেলেংকাৰী। এছ চি ই আৰ টিৰ প্ৰাক্তন সঞ্চালক তথা আই এছ বিষয়া শেৱালী দেৱী শৰ্মাক এই কেলেংকাৰীৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল ৰাজস্থানৰ আজেমৰৰ এখন হোটেলৰ পৰা।

পলাতক হৈ থকা নিলম্বিত আই এছ বিষয়া গৰাকীয়ে কন্যা, জোঁৱাই আৰু ঘনিষ্ঠ ঠিকাদাৰৰ লগ লাগি নিবিদা অবিহনে কোটিটকীয়া ঠিকা দিয়া বুলি আত্মসাৎ কৰিছিল ধন। আনকি ৫ কোটিকৈ টকা তেওঁৰ কন্যা বিজেৰেতা শৰ্মাৰ একাউন্টত জমা হৈছিল।

মুখ্যমন্ত্ৰী তদাৰকী কোষে বিজেৰেতাৰ স্বামী হাচানুৰ আলম, শেৱালী দেৱীৰ আন এগৰাকী কন্যা ৰশ্মিতা সিং, ৰশ্মিতাৰ স্বামী অজিত পাল সিং আদিক জেৰা কৰি এই কেলেংকাৰীৰ বহু বিস্ফোৰক তথ্য পোহৰলৈ আনিবলৈ সক্ষম হৈছে।

শেৱালী দেৱী শৰ্মাক ৮মে', ২০২৩ গ্ৰেপ্তাৰৰ পাছত তদন্তকাৰী বিষয়াই চলোৱা জেৰাত ফাদিল হৈছিল আন এক তথ্য়। এই দুৰ্নীতি ফাদিল কৰাৰ ভাবুকি দি এটা চক্ৰই শেৱালী দেৱী শৰ্মা আৰু তেওঁৰ সংগীৰ পৰা কোটি টকা সৰকাইছিল।

শেৱালী দেৱী শৰ্মাৰ মতে সেই ধনৰ পৰিমাণ ২০ কোটিৰ কম নাছিল। প্ৰথমে এই চক্ৰই তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ অধীনত এছ চি ই আৰ টিত ডিএলএডৰ তথ্য বিচাৰি এখন আৱেদন দাখিল কৰিছিল। সেই আৱেদনৰ আধাৰতে সাংবাদিক, আৰটিআই কৰ্মীৰ এক চক্ৰই হস্তগত কৰিছিল এই ধন।

শেৱালী দেৱী শৰ্মাৰ লুণ্ঠনৰ ধনৰ অংশ লৈছিল তেওঁলোকে। মুখ্যমন্ত্ৰী তদাৰকী কোষে ২৫ মে'ত শেৱালী দেৱী শৰ্মাৰ তথ্যৰ আধাৰত দুজনক জেৰা কৰে। তাৰে এজন ৰবিজিৎ গগৈ আৰু আন জন ডেভিড অধিকাৰী। এই ৰবিজিৎ গগৈয়ে এখন অধুনালুপ্ত কাকতৰ সাংবাদিক বুলি আৰু ডেভিড এটা নিউজ পৰ্টেলৰ সাংবাদিক বুলি শেৱালী দেৱীক পৰিচয় দিছিল।

এই আৰ টি আই দাখিল কৰিছিল ৰবিজিৎ গগৈয়ে। কিন্তু সেই আৰ টি আইখন পৰৱৰ্তী সময়ত হোৱা বুজাবুজিৰ বাবে তুলি লৈছিল আৰু ইয়াৰ বিনিময়ত হৈছিল দৰদাম। দুৰ্নীতিক মান্যতা দি সকলো জানিও মনে মনে থকাৰ বাবে কোটি টকাৰ ধন এই চক্ৰটোৱে হস্তগত কৰাৰ তথ্য এতিয়া তদন্তকাৰী সংস্থাৰ হাতত।

কোন কোন সাংবাদিকে এই দুৰ্নীতিৰ নামত ব্লেকমেইল কৰিছিল আৰ টি আইৰ জৰিয়তে সেই সাংবাদিকসকলৰ নাম অৱশ্যে পোহৰলৈ অহা নাই বা আহিবলৈ দিয়া নাই।

বিশ্বস্ত সূত্ৰ অনুসৰি এটা প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানৰ এজন গুৰুত্বপূৰ্ণ দায়িত্বত থকা ব্যক্তি আছিল ইয়াৰ অন্যতম মাষ্টাৰ মাইণ্ড। এই দিশত যথেষ্ঠ অভিজ্ঞ সেই গৰাকী ব্যক্তি মালিকপক্ষৰো মধ্যমণি।

সংবাদ মাধ্যমৰ সৈতে জড়িত হ'লেও তেওঁৰ আছে আন ব্যৱসায়। হয়তো বিচাৰিলে তেওঁৰ নামত ওলাব বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰ সমীপত তেওঁৰ নামত থকা ৰিজৰ্ট। ভিতৰি ভিতৰি বহুতে এই খবৰবোৰ জানে। কিন্তু ক্ষমতাবান সংবাদ প্ৰতিষ্ঠানৰ কৰ্মী হোৱাৰ বাবেই তেওঁলোকৰ বিৰুদ্ধে কোনোৱে আঙুলি টোৱাবলৈ সাহস নকৰে। আনকি তেওঁলোকৰ বিৰুদ্ধে এনে অভিযোগ উঠিছে বুলি ক'ব পৰাকৈয়ে আজি যেন সংবাদ মাধ্যমৰ মুখ বন্ধ হৈ পৰিছে।

এই চক্ৰৰ সৈতে নাম সাঙোৰ খাইছে আন এজন যুৱতী সংবাদকৰ্মী। তেওঁ পূৰ্বতে এটা ইলেক্ট্ৰনিক সংবাদ প্ৰতিষ্ঠানত কিছুদিন কাম কৰি এটা নিউজ পৰ্টেলত কৰ্মৰত আছিল। সাংবাদিকতা তেওঁৰ বাবে পূজা বা উপসনা নহয়। অতি কম সময়ৰ ভিতৰতে সংবাদ ক্ষেত্ৰত ভৰি দিয়া এই সকল সংবাদকৰ্মীৰ বাবে সংবাদ মাধ্যম যেন একোখন এটিএম কাৰ্ড!

এই চক্ৰত জড়িত থকা বুলি পোহৰলৈ অহা আন দুজন সাংবাদিকো বৰ্তমান সংবাদ ক্ষেত্ৰৰে জড়িত। তেওঁলোকক বৰ্তমানলৈকে তদন্তকাৰী সংস্থাই জেৰা বা সোধপোচ কৰা নাই। অসমৰ সংবাদ ক্ষেত্ৰত সততা আৰু নিষ্ঠাৰে কাম কৰা বহু সাংবাদিক আছে। কিন্তু সেই সততা আৰু ন্যায় নিষ্ঠতাত এনেবোৰ ঘটনাই চৰম আঘাত হানিছে।

সংবাদ ক্ষেত্ৰখন প্ৰদূষিত হৈছে। সাধাৰণ লোকেও সেই কথা বুজি উঠিছে। কয়লা, গৰু, চুপাৰী চিণ্ডিকেটৰ পৰা কোন সাংবাদিকে কিমান ধন লয় তাৰ তালিকাও ভাইৰেল হৈ গৈছে। মনে প্ৰাণে আমি বিচাৰো এনেদৰে অভিযোগত অভিযুক্ত হোৱা সাংবাদিকসকলৰ এই কথাবোৰ মিছা প্ৰমাণিত হওক নতুবা আনক তুলাধূনা দিয়াৰ দৰেই সৎ সাংবাদিকসকলেও এই চক্ৰবোৰক কঠোৰ ভাষাৰে সমালোচনা কৰি প্ৰকৃত সত্যক উন্মোচন কৰি দিয়ক।

কোনোবাই ক'ব পাৰে, এনে অভিযোগত অভিযোগৰ আঙুলি উঠা সাংবাদিক সকলৰ নাম কিয় মুকলিকৈ কোৱা হোৱা নাই। সেই ইচ্ছা আমাৰো আছে। যিহেতু এয়া এক তদন্তৰ বিষয় গতিকে তদন্তত দোষাৰোপ হোৱাৰ পূৰ্বে এই গেংটোত থকা অনুপ, কিৰণ হতৰ প্ৰকৃত পৰিচয় আনুষ্ঠানিকভাৱে পোহৰলৈ অহালৈ অপেক্ষা কৰিব লাগিব।

শেৱালী দেৱীৰ পৰা ব্লেকমেইল কৰি ধন সংগ্ৰহ কৰা চক্ৰটোৰ বহুতে একাধিক নাম লৈ সামাজিক মাধ্য়মত এতিয়াও তৎপৰ হৈ আছে।হয়তো সাংবাদিক বুলি ভাৱিছে সেই পৰিচয়ৰে তেওঁলোক সাৰি যাব পাৰিব।

তদন্তকাৰী বিষয়াই পৰ্যায়ক্ৰমে এই তদন্ত আগুৱাই নিছে। মুখ্যমন্ত্ৰী তদন্তকাৰী কোষে তেওঁলোকক তদন্তৰ আওতালৈ অনাতো নিশ্চিত কৰিছে। ঘনিষ্ঠ ঠিকাদাৰ ৰাহুল আমিনৰ পৰা কোনে,ক'ত কিমান ধন লৈছিল সেই কথাও নিশ্চয় এই সকলে জেৰাত উল্লেখ কৰিছে। এতিয়া সঠিক তদন্তৰ প্ৰয়োজন। শেৱালী দেৱী শৰ্মাৰ এই কলংকৰ দাগ লাগিছেহি একাংশ সাংবাদিকৰো গাত।

সেই সকল সাংবাদিকক জেৰা হওক। তেওঁলোকৰ দুৰ্নীতি সম্পৰ্কে আন সকলৰ দুৰ্নীতিৰ দৰে চৰ্চা আৰু গৰিহনা দিয়ক সকলোৱে। কাৰণ আৰক্ষী বিষয়াই ৩ বছৰ চাকৰি কৰি কোটি টকাৰ ঘৰ বনালে যেনেকৈ চকুত পৰে, সাংবাদিকেও মহানগৰীৰ মাজমজিয়াত কোটি টকা ব্যয়ৰে ঘৰ নিৰ্মাণেৰে বিলাসী জীৱন কটালেও এটাই প্ৰশ্ন উঠে- ইমান টকা পালে ক'ত?

কোন, কোন সাংবাদিকৰ জেপত সোমাল ২০ কোটি?
মুখ্যমন্ত্ৰী মহোদয়, এইবোৰ দুৰ্নীতি হয় নে নহয়?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in