বৰপেটাৰ তৰাবাৰী আৰক্ষীৰ জালত ট্ৰাক হাইজেককাৰী...

বৰপেটাৰ তৰাবাৰী আৰক্ষীৰ জালত ট্ৰাক হাইজেককাৰী...
Published on
Updated on

ডিজিটেল সংবাদ, চেঙা : বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ বৃহৎ সফলতা । তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে দুই ট্ৰাক হাইজেককাৰী। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাৰ নেতৃত্বত চলিছিল ট্ৰাক হাইজেকাৰীৰ বিৰুদ্ধে অভিযান। হাইজেককাৰী দুটাক চেঙাত আটক কৰে আৰক্ষীয়ে।

জানিব পৰা মতে ধৃত ট্ৰাক হাইজেককাৰী হৈছে- কলবাৰী গাঁৱৰ মকবুল আলী আৰু বৰপেটা সদৰ থানাৰ অন্তৰ্গত ধানবান্ধা গাঁৱৰ ৰূপ খান। তাৰোপৰি হাইজেক কৰা ট্ৰাকো উদ্ধাৰ কৰে আৰক্ষীয়ে। হাইজেককাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰপেটাৰ গৰেমাৰীৰ পৰা পুৱতি নিশা উদ্ধাৰ কৰে হাইজেক হোৱা ট্ৰাকখন। উদ্ধাৰ হোৱা ট্ৰাকখনৰ নম্বৰ WB 53-C-6095।

ট্ৰাকখনৰ চালক নৰেশ দাসক নিচাজাতীয় দ্ৰব্য খুৱাই ট্ৰাকখন হাইজেক কৰে দুৰ্বৃত্তৰ দলে। ট্ৰাকখনত ৩০ টন লোহাৰ পাইপ থকা বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জনোৱা মতে ১৬ লক্ষাধিক টকাৰ সামগ্ৰী আছিল ট্ৰাকখনত।

উল্লেখ্য যে পশ্চিম বংগৰ দুৰ্গাপুৰৰ পৰা লোহাৰ পাইপ লৈ গুৱাহাটীলৈ আহি আছিল ট্ৰাকখন। আৰ.এচ. লজেষ্টিক পৰিবহন কোম্পানীৰ আছিল সামগ্ৰীখিনি। যোৱা ১০ ছেপ্টেম্বৰত সামগ্ৰী লৈ দুৰ্গাপুৰৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছিল ট্ৰাকখন। ১৩ ছেপ্টেম্বৰৰ নিশাৰ পৰা ট্ৰাকচালকৰ স'তে যোগাযোগ বিচ্ছিন্ন হয় কোম্পানীটোৰ স্বত্বাধিকাৰী ৰবি কুমাৰ সিঙৰ ।

আনহাতে ট্ৰাক হাইজেককাৰী দলটোত কেইবাগৰাকীও দুৰ্বৃত্ত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। হাইজেককাৰী দলটোৰ মূল মাষ্টৰমাইণ্ড এতিয়াও আৰক্ষীৰ জালত পৰা নাই বুলি জানিব পৰা গৈছে।

ইফালে ট্ৰাক চালক নৰেশ দাস সম্পূৰ্ণ সুস্থ হৈ উঠা নাই এতিয়ালৈকে। পৰিবহন কোম্পানীৰ তৰফৰ পৰা হাইজেককাৰী দলটোৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।

বৰপেটাৰ তৰাবাৰী আৰক্ষীৰ জালত ট্ৰাক হাইজেককাৰী...
মিজোৰামত ম্যানমাৰৰ নাগৰিকসহ নিচাযুক্ত দ্ৰব্য় জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in