/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a510b848-628d-4a65-bdd0-4e369faffd6a/435116201_1006077408187086_935619887928119114_n.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ এমাহ আগলৈকে বিজেপি চৰকাৰ আৰু “কা” আইনৰ বিৰুদ্ধে ৰাইজক আভুৱাভাৰি সমালোচনাৰে ফুলজাৰি মাৰিছিল ধেমাজি জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক কল্যাণ গগৈয়ে। প্ৰতিবাদী ভাষণ দি দপদপাই থকা এইগৰাকী প্ৰাক্তন সম্পাদক কল্যাণ গগৈয়ে বৃহস্পতিবাৰে বিজেপি দলত যোগদান কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a028de72-652f-4151-a92e-604a21377658/435203138_1006077814853712_6632679244916034431_n.jpg)
আনহাতে ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামানৰ পৰিচালানাত অনুষ্ঠিত হোৱা দলৰ যোগদান কাৰ্য্যসূচীত ধেমাজি জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী তথা অসম মহিলা কংগ্ৰেছৰ সম্পাদিকা জ্যোতিপ্ৰভা দলেও তেওঁৰ স্বামী তথা ধেমাজি জিলা কংগ্ৰেছৰ উপ-সভাপতি প্ৰিয়পৱন দলেৰ সতে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷
ইয়াৰোপৰি জিলা বিজেপিৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা যোগদান কাৰ্য্যসূচীত ধেমাজি জিলা আছুৰ প্ৰাক্তন উপদেষ্টা অনুজ চাংমাই ,প্ৰাক্তন আছু কৰ্মী ক্ৰমে কৃষ্ণ কোচ ,টুৰনজিৎ গগৈ আৰু যদুমনি চমুৱাকে ধৰি কংগ্ৰেছ আৰু অন্যান্য দলৰ প্ৰায় অৰ্ধশতাধিক কৰ্মীয়ে বিজেপিত যোগদান কৰে ৷ তাৎপৰ্যপূৰ্ণভাৱে যোগদানৰ সময়ত বিগত ৩০ বছৰে কংগ্ৰেছ কৰা প্ৰিয়পৱন দলে নামৰ কংগ্ৰেছ কৰ্মীজনে চকুলো টুকিয়েই গেৰুৱা বস্ত্ৰ পৰিধান কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/825dfe90-584d-408c-ba19-1d179d80023e/435186898_1006077524853741_5037789187662676800_n.jpg)
উল্লেখযোগ্য যে নিৰ্বাচনলৈ আৰু কেইটামান দিন থকা আগমুহূৰ্তত এইদৰে বিৰোধীক শক্তিহীন কৰি ইজনৰ পিছত সিজনকৈ বিজেপিত যোগদানৰ তৎপৰতাই শাসকীয় দল কিমান লাভান্বিত হ'ব সেয়া পৰৱৰ্তী সময়তেই পোহৰলৈ আহিব ৷ এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে যোগদান কাৰ্য্যসূচীত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে জিলা আৰু মণ্ডলৰ বিজেপিৰ কৰ্মকৰ্তা সকলে উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/18f1881b-45fb-46df-b0c5-87a919288f86/435166976_1006077651520395_6150207240097901480_n.jpg)
ইফালে ধেমাজি জিলা কংগ্ৰেছ কমিতিৰ সভাপতি মহেন্দ্ৰ বুঢ়া গোহাঁইয়ে এক বিবৃতিৰ জৰিয়তে জনোৱামতে জিলা কংগ্ৰেছৰ উপ-সভাপতি প্ৰিয়পৱন দলে আৰু অসম মহিলা কংগ্ৰেছৰ সম্পাদিকা জ্যেতি প্ৰভা পেগু দলেক তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ দলৰ পৰা নিলম্বন কৰিছে ৷
Also Read: বালিজানত কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ