
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি ডায়েটত বিদায়ী শিক্ষাৰ্থীৰ ব্যতিক্ৰমী পদক্ষেপ। বৃক্ষৰ পুলি ৰোপণ কৰি স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াস শিক্ষাৰ্থীসকলৰ। ধেমাজি শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত শুকুৰবাৰে হঠাৎ এদল বিদায়ী শিক্ষাৰ্থী উপস্থিত হয়। পূৰ্বনিৰ্ধাৰিত কোনো কাৰ্যসূচীৰ অবিহনেই হাতে-হাতে বৃক্ষৰ পুলি লৈ শিক্ষানুষ্ঠানখনত উপস্থিত হয় শিক্ষাৰ্থীৰ দলটি।
শিক্ষাৰ্থীসকলক হঠাৎ দেখি আশ্চৰ্য্য প্ৰকাশ কৰিলে অনুষ্ঠানৰ কৰ্তৃপক্ষই। কোনোৱে আম, কোনোবাই জামু, কঠাল, আমলখি, আন কোনোবাই কৰদৈ বা কৃষ্ণচূড়াৰ পুলি লৈ ৰোপণ কৰিলে প্ৰতিস্থানখনৰ চৌহদত। শিক্ষাৰ্থীসকলে অধ্যয়ন কৰা শিক্ষানুষ্ঠানখনৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু টানৰ বাবে নিজা নিজা স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ ৰোপণ কৰিলে একোটাকৈ গছৰ পুলি।
প্ৰকৃতিত থকা সকলো জীৱ বৰ্তি থাকিবলৈ গছৰ বিকল্প নাই বুলি মন্তব্য কৰি ডায়েট কৰ্তৃপক্ষই এই পদক্ষেপৰ বাবে বিদায়ী শিক্ষাৰ্থীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।