ধেমাজিত নৱ-নিযুক্ত উপায়ুক্ত অংকুৰ ভৰালীৰ যোগদান...

ধেমাজিত নৱ-নিযুক্ত উপায়ুক্ত অংকুৰ ভৰালীৰ যোগদান...

ডিজিটেল সংবাদ ,ধেমাজি : শুকুৰবাৰে ধেমাজিৰ নতুন উপায়ুক্ত হিচাপে অংকুৰ ভৰালীয়ে যোগদান কৰে ৷ উল্লেখ্য যে, চলিত মাহৰ ১৭ এপ্ৰিলত তদানীন্তন উপায়ুক্ত পল্লৱী ফুকনে ধেমাজিৰ পৰা বদলি হৈ যোৱা পিছত ভৰালীয়ে উক্ত ফুকনৰ ঠাইত নতুন উপায়ুক্ত হিচাপে যোগদান কৰে ৷

১৯৯৯ বৰ্ষৰ (বেডৰ্চ্চৰ) এচিএচ অংকুৰ ভৰালীয়ে ২০২০ চনৰ ক'ৰোনা মহামাৰী আৰু কা" আন্দোলনৰ সময়ত ধেমাজিত অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ইয়াৰ পূৰ্বে অসম চৰকাৰৰ অসামৰিক যোগান বিভাগৰ আয়ুক্ত হিচাপে কৰ্মৰত ভৰালীয়ে বিগত মাহৰ ২৯ মাৰ্চত ধেমাজিলৈ উপাযুক্ত হিচাপে বদলি আদেশ পাইছিল ৷

একে আদেশতে তদানীন্তন উপায়ুক্ত পল্লৱী ফুকনক ধেমাজিৰ পৰা উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰে ৷ ১৯৯২ বৰ্ষৰ (বেডৰ্চ্চৰ )এচিএচ বিষয়া তদানীন্তন উপায়ুক্ত পল্লৱী ফুকনে দুমাহ নৌপাওঁতেই ধেমাজিৰ পৰা বদলি হৈ যাব লগীয়া হয় ৷

ধেমাজিত নৱ-নিযুক্ত উপায়ুক্ত অংকুৰ ভৰালীৰ যোগদান...
উৎকত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সহজ উপায়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in