/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5ffe730d-63b6-4498-894c-49b580cca4ae/1.jpg)
ডিজিটেল সংবাদ,ধেমাজি: ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ধেমাজিতো দেওবাৰে জিলা প্ৰশাসনৰ উদ্যোগত আৰু তথ্য ও জন সংযোগ বিভাগৰ সহযোগত দেশ ভক্তি দিৱস পালন কৰা হয় ৷ এই উপলক্ষে জিলা আয়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাখনৰ সভাপতিত্ব কৰে জিলা অতিৰিক্ত আয়ুক্ত ৰশ্মি প্ৰতাপে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3304c679-abb6-41db-89b8-471a473b8d11/5ce38c44-d322-4d1e-90ff-6252749849d2.jpg)
সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি দেশ ভক্ত তৰুণ ৰাম ফুকনৰ জীৱন আৰু দৰ্শনৰ সম্পৰ্কে সুন্দৰকৈ বক্তব্য ৰাখে ধেমাজি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মৃদুলা ফুকন আৰু ধেমাজি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ৰাষ্ট্ৰীয় কৃতী শিক্ষয়িত্ৰী বঁটা প্ৰাপক বিনীতা গাৰোদিয়া চৌধুৰীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b741dafd-222f-4717-b131-e6b426d0625e/dd9b7a2c-0167-41ae-b8b9-bf9cf1209b44.jpg)
ধেমাজিৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰাসভাত ইতিমধ্যে জিলা প্ৰশাসনৰ ফালৰ পৰা দেশ ভক্ত তৰুণ ৰাম ফুকনৰ সম্পৰ্কে অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষনা কৰে ৷ প্ৰায় চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এ ,বি আৰু চি তিনিটা শাখাত অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতাৰ ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈকে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ধীৰাজ দত্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e97eb92d-bba3-40dc-a696-7b4841139a6a/4349ed37-f95e-42b3-a59a-93b79e9988cd.jpg)
দ্বিতীয় স্থান লাভ কৰে পশ্চিম ধেমাজি হাইস্কুলৰ ছাত্ৰী ময়ুৰী চুতীয়াই। তৃতীয় স্থান লাভ কৰে নিলখ হাইস্কুলৰ ছাত্ৰী পলী বৰাই ৷ বি . শাখাত দশম পৰা দ্বাদশ শ্ৰেণীলৈকে অনুষ্ঠিত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ৰায় চাপৰি হাইস্কুলৰ ছাত্ৰী ছয়নিকা বৰুৱাই দ্বিতীয় স্থান লাভ কৰে, গোগামুখ টাউন হাইস্কুলৰ ছাত্ৰী জোনালী চেতিয়াই আৰু তৃতীয় স্থানলাভ কৰে বৰ বাম হাইস্কুলৰ ছাত্ৰী হিমাশ্ৰী সোনোৱালে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/217adcf3-5552-4a8e-bee7-3840607b8942/0c627549-7a62-411a-b344-b6f58416e1f0.jpg)
চি. শাখাত দ্বাদশ শ্ৰেণীৰ পৰা স্নাতকলৈকে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ধেমাজি চিটি মহাবিদ্যালয়ৰ ছাত্ৰী ডলী ভৰালীয়ে। দ্বিতীয় স্থান লাভ কৰে ধেমাজি চিটি মহাবিদ্যালয়ৰ ছাত্ৰী নিশিৰানী দুৱৰাই। তৃতীয় স্থান লাভ কৰে চিলাপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ সূৰ্য্য বাহাদুৰ ছেত্ৰীয়ে ৷ স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলক জিলা প্ৰশাসনৰ ফালৰ পৰা মানপত্ৰ প্ৰদান কৰে ৷
Also Read: আগষ্টত সম্প্ৰসাৰণ হব মন্ত্ৰীসভাঃ সলনি হব পাৰে ৰাজ্যিক বিজেপিৰ সভাপতি