ধেমাজিত প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি পৰিপূৰ্ণতা অভিযান...

ধেমাজি জিলা উপায়ুক্তৰ উদ্যোগত, কৃষি কাৰ্যালয়ৰ সহযোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি সভা

author-image
Asomiya Pratidin
New Update
ধেমাজিত প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি পৰিপূৰ্ণতা অভিযান...

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা উপায়ুক্তৰ উদ্যোগত আৰু কৃষি কাৰ্যালয়ৰ সহযোগত বুধবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি (PM-KISAN) পৰিপূৰ্ণতা অভিযানক লৈ বিভিন্ন গোটৰ লগত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। প্ৰায় ৩০০ ৰো অধিক জীৱিকা সখী, বীমা সখী, কৃষি সখী, পশু সখী, বেংক মিত্ৰ গোট উপস্থিত থকা ৰাজহুৱা সভাখনত ধেমাজি জিলাৰ এঘাৰটা কৃষি চক্ৰৰ মুঠ ৬৫ টা গাঁও পঞ্চায়তক সাঙুৰি লোৱা হয়।

Advertisment

সভাত ধেমাজি জিলাৰ উপায়ুক্ত অংকুৰ ভৰালী উপস্থিত থাকি বক্তব্যত প্ৰকৃত কৃষকসকলে যাতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ সুযোগ লাভ কৰে তাৰ বাবে কৃষকসকলৰ অসোঁৱাহ সমূহ অৱগত হ'বলৈ যাৱতীয় নথি পত্ৰ সমূহ গোটক সংগ্ৰহ কৰিবলৈ দায়িত্ব দৃষ্টিগোচৰ কৰে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি পৰিপূৰ্ণতা অভিযানৰ প্ৰথম পৰ্যায়ত কৰিবলগীয়া কামসমূহৰ বিষয়ে জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া বদন লাহনে বিতং কৈ উপস্থিত থকা বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকলক বুজাই দিয়ে।

বুধবাৰে অনুষ্ঠিত হোৱা সভাৰ সিদ্ধান্ত অনুসৰি অহা ৮ জুনৰ পৰাই কৰ্মীসকলে সংশ্লিষ্ট গাঁৱলৈ গৈ হিতাধিকাৰীসকলক চিনাক্ত কৰি তেওঁলোকৰ বাকী ৰৈ যোৱা কাম সমূহ সম্পৰ্কে বুজাই ক'ব আৰু ১২ জুনৰ পৰা অনুষ্ঠিত হ'ব লগা নিকতৱৰ্তী শিবিৰলৈ হিতাধিকাৰী সকলক নিব। লগতে আধাৰ সংযোজিত সঞ্চয় বেংক একাউণ্ট আৰু eKYCৰ কাম সম্পন্ন কৰাত হিতাধিকাৰীসকলক সহায় কৰিব।

আধাৰ প্ৰমাণিত হোৱা সকলেহে প্রথম পৰ্যায়ত আধাৰ সংযোজিত সঞ্চয় বেংক একাউন্ট খুলিব বা eKYC কৰিব পাৰিব। উক্ত অনুষ্ঠানত ধেমাজি জিলা উপায়ুক্তৰ লগতে অতিৰিক্ত উপয়ুক্ত ত্বয় ঋতুপল্লব বৰুৱা, ড° সঞ্জীৱ ফুকন আৰু শান্তনু গগৈ, জিলা কৃষি বিষয়া নৰনাথ পেগু, আই পি পি বি'ৰ জিলা বিষয়া পল্লবজ্যোতি চক্ৰৱৰ্তী আৰু কৃষি কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ৷

Also Read: ৰঙিয়া-হাজোত মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ...

pm