
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজিত চোৰাং গো-ধন ভৰ্তি ট্ৰাক জব্দ। চোৰাং ভাবে ২৫ টাকৈ গো-ধন কঢ়িওৱা ট্ৰাকখনৰ পৰা ৮ টাকৈ গো-ধন উদ্ধাৰ কৰা হয় মৃত অৱস্থাত। ধেমাজিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাতীগড়ত বুধবাৰে জব্দ কৰা হয় উক্ত গো-ধন ভৰ্তি ট্ৰাক।
উল্লেখ্য যে, চোৰাঙকৈ সৰবৰাহ কৰা অৱস্থাতে বুধবাৰে স্থানীয় ৰাইজে ট্ৰাকখন জব্দ কৰে । এন এল ০২ কিউ ৩৭৫৭ নম্বৰৰ ট্ৰাকখন জব্দ কৰি আৰক্ষীক চমজাই দিছে স্থানীয় ৰাইজে। আনহাতে চালক আৰু হেণ্ডিমেন ইতিপূৰ্বে পলায়ন কৰিছে ৷
ধেমাজি আৰক্ষীৰ চকুত ধূলি দি ধেমাজি নগৰৰ মাজেৰে গো-ধন ভৰ্তি ট্ৰাকখন পাৰহৈ যোৱা প্ৰায়ে পৰিলক্ষিত হয়। যাৰ পৰিপ্ৰেক্ষিত হাতীগড়ত ৰাইজে জব্দ কৰিবলগীয়া হয় এই ট্ৰাক৷ অৱশ্যে গো-ধনবোৰ ক’লৈ নিয়া হৈছিল জানিব পৰা হোৱা নাই ৷ ট্ৰাকখন জব্দ কৰি আৰক্ষীয়ে ট্ৰাকৰ পৰা গো-ধন নমাবলৈ যাওঁতেহে উক্ত ৮ টা গো-ধনক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে৷ ঘটনাৰ সন্দৰ্ভত ধেমাজি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷