ধেমাজি জিলা স্বাস্থ্য বিভাগৰ 'আয়ুস্মান ভৱ' অভিযানৰ প্ৰস্তুতি সম্পন্ন...

ধেমাজি জিলা স্বাস্থ্য বিভাগৰ 'আয়ুস্মান ভৱ' অভিযানৰ প্ৰস্তুতি সম্পন্ন...

author-image
Asomiya Pratidin
New Update
ধেমাজি জিলা স্বাস্থ্য বিভাগৰ 'আয়ুস্মান ভৱ' অভিযানৰ প্ৰস্তুতি সম্পন্ন...

ধেমাজি জিলা স্বাস্থ্য বিভাগৰ 'আয়ুস্মান ভৱ' অভিযানৰ প্ৰস্তুতি সম্পন্ন...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া 'আয়ুস্মান ভৱ' অভিযানৰ প্ৰস্তুতি সম্পৰ্কে শনিবাৰে দুপৰীয়া ১২ বজাত ধেমাজি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে৷ সংবামেলত অহা কাইলৈ পৰা হ'বলগা আয়ুষ্মান ভৱ অভিযানৰ প্ৰস্তুতি সম্পন্ন হোৱাৰ কথা উল্লেখ কৰি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ ৮১ টা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত সপ্তাহত এখনকৈ মুঠ চাৰিখন আৰু ১২ টা সামুহিক আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এখনকৈ আয়ুস্মান মেলা আয়োজন কৰিছে ৷

Advertisment

অভিযানৰ সংগতি ৰাখি অহা ২৩ ছেপ্টেম্বৰত ধেমাজি, জোনাই, গোগামুখ আৰু ২৮ ছেপ্টেম্বৰত চিমেন চাপৰিত ৰক্তদান শিবিৰ আয়োজন কৰাৰ উপৰিও অহা ২৯ ছেপ্টেম্বৰত প্ৰাপ্তবয়স্ক লোকসকলৰ বাবে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা শিবিৰ ধেমাজি স্বাস্থ্য ভৱনৰ প্ৰাংগনত আয়োজন কৰিছে ৷ ইয়াৰ উপৰিও অহা ২ অক্টোবৰত প্ৰত্যেকখন গাওঁ পঞ্চায়ততে আয়ুষ্মান সভা, আয়ুষ্মান কাৰ্ড বিতৰন, আভা আই .ডি জেনেৰেচন আৰু স্বাস্থ্য আচঁনিসমূহৰ সজাগতা সম্পৰ্কে ৰাইজৰ মাজলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে বুলিও উল্লেখ কৰে ৷

জিলাখনত ৪ লাখ ৭৮ হাজাৰ ৮৩৭ গৰাকী আয়ুস্মান কাৰ্ডৰ হিতাধিকাৰীৰ ভিতৰত ৩ লাখ ৮০ হাজাৰ ৪৫০ গৰাকীৰ ই কে ৱাই চি( e KYC ) কৰা হৈছে বুলি সংবাদমেল যোগে সদৰি কৰে ৷ সংবাদমেলত জিলা অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ ফকুন, ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃদণ্ডধৰ গগৈ, মহকুমাৰ স্বাস্থ্য বিষয়া ও চিকিৎসা বিষয়া ডাঃ যোগেন দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ ধেমাজি জিলা প্ৰকল্প প্ৰৱন্ধক এঞ্জেলিনা চাংমাই আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ ধেমাজিৰ মেডিয়াৰ এক্সপাৰ্ট ডাঃ অচ্যুৎ গগৈ উপস্থিত থাকে৷

সংবাদমেলৰ আগে জিলাখনত স্বাস্থ্য বিভাগৰ বিভিন্ন আচঁনিসমূহৰ সজাগতা আৰু বিশেষ পৰিয়াল পৰিকল্পনা অভিযানৰ লগত সংগতি ৰাখি তথ্য শিক্ষা আৰু জনসংযোগৰ দুখন বিশেষ বাহন জিলা অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ ফুকনে পতাকা জোকাৰি শুভাৰম্ভ কৰে৷

Also Read: ১৮ ছেপ্টেম্বৰৰ পৰা সংসদৰ বিশেষ অধিৱেশনঃ নতুন ,পুৰণি দুয়োটা ভৱনতে ব্যাপক প্ৰস্তুতি...

স্বাস্থ্য বিভাগ