১৮ ছেপ্টেম্বৰৰ পৰা সংসদৰ বিশেষ অধিৱেশনঃ নতুন ,পুৰণি দুয়োটা ভৱনতে ব্যাপক প্ৰস্তুতি...

১৮ ছেপ্টেম্বৰৰ পৰা সংসদৰ বিশেষ অধিৱেশনঃ নতুন ,পুৰণি দুয়োটা ভৱনতে ব্যাপক প্ৰস্তুতি...
১৮ ছেপ্টেম্বৰৰ পৰা সংসদৰ বিশেষ অধিৱেশনঃ নতুন ,পুৰণি দুয়োটা ভৱনতে ব্যাপক প্ৰস্তুতি...

ডিজিটেল ডেস্কঃ ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব সংসদৰ বিশেষ অধিৱেশন। ৫ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশন পুৰণি আৰু নতুন দুয়োটা সংসদ ভৱনতে অনুষ্ঠিত হ'ব।

ইয়াৰ বাবে পূৰ্ণ গতিত চলিছে প্ৰস্তুতি। সংসদৰ এই বিশেষ অধিৱেশনক আখ্যা দিয়া হৈছে অমৃত কালৰ অধিৱেশন হিচাপে। এই অধিৱেশনত স্বাধীনোত্তৰ ৭৫ বছৰৰ সাফল্যৰ বিষয়ে আলোচনা কৰাৰ লগতে এই দীঘলীয়া সময়ত ভাৰতৰ যাত্ৰাৰ বিষয়ে আলোচনা কৰা হ'ব।

৫  দিনীয়া এই অধিৱেশনত অৱশ্যে অন্তিম ৩ দিনতহে উত্থাপন কৰিব কেইবাখনো বিধেয়ক। প্ৰথম দুটা দিনত কোনো বিধেয়ক উত্থাপন নকৰে। এই বিধেয়কসমূহ পাছ কৰিবৰ বাবে সংসদত সকলো শাসকীয় সাংসদৰ উপস্থিতিৰ বাবে থ্ৰি লাইন হুইপ জাৰি কৰিছে।

তেওঁলোকে চৰকাৰৰ প্ৰতিটো বিষয় সমৰ্থন কৰিব লাগিব। একেদৰে অধিৱেশনৰ সময়ত উপস্থিত থাকিব লাগিব সকলোবোৰ কেন্দ্ৰীয় মন্ত্ৰী।

এই অধিৱেশনক কেন্দ্ৰ কৰি পুৰণি আৰু নতুন দুয়োটা সংসদ ভৱনত সকলো ব্যৱস্থা কৰা হৈছে। অধিৱেশনৰ প্ৰথমটো দিনত অনুষ্ঠিত হ'ব ফটো ছেচন।ইয়াৰোপৰি নতুন সংসদ ভৱনত সকলো মন্ত্ৰী, সাংসদৰ সুবিধা অনুসৰি তেওঁলোকৰ বাবে আসন, মাইক আদি সকলোবোৰ দিশতে ব্যৱস্থা কৰা হৈছে। মন্ত্ৰীসকলৰ বাবে মুকলি কৰি দিয়া হৈছে তেওঁলোকৰ কোঠা।   

১৮ ছেপ্টেম্বৰৰ পৰা সংসদৰ বিশেষ অধিৱেশনঃ নতুন ,পুৰণি দুয়োটা ভৱনতে ব্যাপক প্ৰস্তুতি...
দেওবাৰে নহয়, সোমবাৰলৈ পিছুৱাব এছিয়া কাপৰ ফাইনেল !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in